Breaking

মৰিগাঁও জিলাৰ নৱ নিযুক্ত জিলা উপায়ুক্তৰ গৰা-খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন

0 1,813

মৰিগাঁও জিলাৰ লাহৰীঘাট  সমষ্টিৰ তিনিচুকীয়া মহমাৰা, টেঙাগুৰি কছাৰীগাঁও, বৰালিমাৰী আদি অঞ্চলত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ। খহনীয়াত ইতিমধ্যে নিজৰ মাটি-ভেটি হেৰুৱাই গৃহহীন হৈ বহু পৰিয়াল। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আন বহু পৰিয়াললৈ। মৰিগাঁও জিলাৰ নৱ নিযুক্তি জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলিয়াই জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীক লগত লৈ পৰিদৰ্শন কৰে খহনীয়াগ্ৰস্থ অঞ্চল সমূহ। উল্লেখ্য যে জলসম্পদ বিভাগে বছৰ, বছৰ ধৰি খহনীয়া ৰোধৰ নামত বিভিন্ন আঁচনি প্ৰস্তুত কৰি কোটি,কোটি খৰচ কৰি আহিছে যদিও সুফল পোৱা নাই নৈপৰীয়া ৰাইজে। জিলা উপায়ুক্ত গৰাকীক খহনীয়াগ্ৰস্থ ৰাইজৰ দাবী প্ৰথমে খহনীয়া সমস্যাৰ সমাধান কৰক। পৰৱৰ্তী সময়ত মথাউৰিৰ নিৰ্মাণ কৰক। মথাউৰিৰ ফলত খহনীয়া সমস্যাৰ সমাধান হোৱাৰ নজিৰ নাই! মথাউৰিৰ ফলত খহনীয়াৰ হে সৃষ্টি হয়। খহনীয়াগ্ৰস্থ লোকৰ মন্তব্য আমি বানপানীক ভয় নকৰো আমি পানীৰ সৈতে সহাৱস্থান কৰি চলিব পাৰোঁ। আমি খহনীয়াক হে ভয় কৰোঁ। এই ক্ষেত্ৰত উপায়ুক্ত গৰাকীয়ে পৰ্যায়ক্ৰমে বান-খহনীয়া সমস্যাৰ সমাধান আশ্বাস দিয়ে ভুক্তভোগী ৰাইজক।

Leave A Reply