Breaking

নন্দিতা দাসৰ নিৰ্দেশত সোণতলীত পৰিদৰ্শন বাংলা ছেনিটাইজ প্ৰশাসনৰ : ১৪ দিনৰ কুৱাৰেণ্টাইনত আছিল কামৰূপৰ প্ৰথমজন ক’ৰোনাত আক্ৰান্ত

0 168

সোণতলী

ক’ৰোনাত আতংকত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ৭০ হাজাৰ অতিক্ৰম কৰিলে৷ অসমতো ইতিমধ্য ৬৪ জনকৈ ব্যক্তি ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলীৰ পুৰানগাঁৱৰ মফিজ উদ্দিন আক্ৰান্ত হৈছিল ক’ৰোনাত৷ যোৱা ২ এপ্ৰিল তাৰিখে মফিজ উদ্দিনৰ তেজৰ নমুনা পৰীক্ষা কৰাত ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি চিকিৎসকে সদৰি কৰিছিল৷ তাৰ পিছতে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এম এম চি এইচলৈ প্ৰেৰণ কৰিছিল মফিজ উদ্দিনক৷ তাতে কিছুদিন চিকিৎসা কৰাৰ পিছতে তেওঁৰ তেজৰ নমুনা পৰীক্ষা কৰাত ক’ৰোনা ভাইৰাছৰ পৰা মুক্ত হোৱা বুলি চিকিৎসকে সদৰি কৰাৰ পিছতে মফিজ উদ্দিনক সোণতলীস্থিত পৰিদৰ্শন বাংলাত ১৪ দিনৰ কুৱাৰেণ্টাইনত ৰাখে৷ মঙলবাৰে তেওঁৰ কুৱাৰেণ্টাইন শেষ হোৱাৰ পিছতে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ নিৰ্দেশ মৰ্মে  সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া কুৰবান আলীৰ নেতৃত্বত এছ ডি আৰ এফ বাহিনীয়ে পৰিদৰ্শন বাংলা সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ছেনিটাইজ কৰে৷ ইয়াৰ উপৰি সোণতলীৰ মাহতলী বজাৰখনো বিধায়িকা নন্দিতা দাসে নিজ হাতে ছেনিটাইজ কৰে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিধায়িকা গৰাকীৰ নিৰ্দেশত সোণতলী পৰিদৰ্শন বাংলা, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন  ছেনিটাইজ কৰিছিল এছ ডি আৰ এফ বাহিনীয়ে৷

Leave A Reply