Breaking

খণ্ড- ২ : সাংবাদিকতা ব্যৱসায় নহয়, লোক সেৱাৰ মাধ্যমহে ।

0 975

প্ৰাসংগিক ভাৱে অপ্ৰাসংগিক :
আশাহত আমবাৰী: আহ্বান-আত্মবিশ্লেষণ ।

✍ মনজিৎ কুমৰ শৰ্মা

সেইয়া ১৯৪৭ চনৰ কথা। সুদীৰ্ঘ সংগ্ৰামৰ অন্তত দেশ তেতিয়া স্বাধীনতাৰ ঠিক দুৱাৰডলীত ঠিয় হৈছেহি। সংগ্ৰামৰ সেই কালছোৱাত দেশৰ সংবাদ মাধ্যমে (ছপা মাধ্যম) গণ সংযোগৰ ক্ষেত্ৰত আগবঢ়োৱা বিশাল অৱদানৰ পৰিপ্ৰেক্ষিতত, ছপা মাধ্যমৰ সম্ভাৱনাময় ক্ষেত্ৰখনত লাহে লাহে ব্যৱসায়িক লোভ দৃষ্টি পৰিবলৈ আৰম্ভ হৈছিল দেশৰ উদ্যোগ খণ্ড তথা পূজিপতি গোষ্ঠী সমুহৰ। ঠিক সেই সময়তেই এদিন জনপ্ৰিয় হিন্দী দৈনিক নৱভাৰত টাইমছ’ৰ স্বত্বাধিকাৰী ৰামকৃষ্ণ ডালমিয়াই প্ৰখ্যাত সাংবাদিক বনাৰসীদাস চতুৰ্বেদিলৈ পত্ৰযোগে আগবঢ়ালে তেওঁৰ কাকতখনৰ সম্পাদকৰ পদত অধিষ্ঠিত হোৱাৰ এক আকৰ্ষণীয় প্ৰস্তাৱ। উত্তৰত চতুৰ্বেদী ডাঙৰীয়াই লিখিলে, “যিহেতু সিদ্ধান্তগত কাৰণত মই সংবাদ ক্ষেত্ৰত পূজিপতিৰ প্ৰৱেশৰ বিৰোধিতা কৰো, সেয়েহে এই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ মই অসমৰ্থ। “সেই ধৰণৰ যুগ এটাও যে সচাকৈয়ে আছিল, আজিৰ সময়ত তেনে কথা ভবাটোও ঠিক সপোন দেখাৰ দৰেই। সেই সময়ত ভাৰতীয় সংবাদ মাধ্যমৰ ক্ষেত্ৰখনত এনেকুৱা কিছু ব্যক্তি আছিল, বিভিন্ন কাকতৰ সম্পাদক ৰূপে যিসকলে মনে প্ৰাণে বিশ্বাস কৰিছিল যে সাংবাদিকতা এক উদ্যোগ নাইবা ব্যৱসায় নহয়, বৰঞ্চ লোকসেৱাৰ এক মাধ্যমহে। এই ধৰণৰ সুউচ্চ চিন্তাধাৰা আচলতে ১৭৮০ চনৰে পৰা প্ৰৱাহমান ভাৰতীয় সাংবাদিকতাৰ আত্মিক চৰিত্ৰৰ এক প্ৰতিফলন বুলিয়েই অভিহিত কৰিব লাগিব। কাৰণ ১৮৭৮ চনৰ ‘ভাৰ্নাকুলাৰ প্ৰেছ আইন’ প্ৰণয়নৰ ঠিক আগেয়ে ভাৰতীয় সাংবাদিকতাৰ যি প্ৰদ্যোতিত ধাৰা অমৃত বাজাৰ পত্ৰিকা’ৰ তদানীন্তন সম্পাদক, প্ৰকাশক শিশিৰ কুমাৰ ঘোষে ৰোপন কৰিছিল, সেই ধাৰাকেই ক্ৰমাৎ আগবঢ়াই লৈ গৈছিল বনাৰসীদাস চতুৰ্বেদিৰ দৰে সাংবাদিক সকলে। এইখিনিতে স্মৰণ কৰিব লাগিব ১৮৭৮ৰ সেই আইনখন প্ৰণয়নৰ কিছুদিন আগৰ এক ঘটনা। তেতিয়া বেংগলৰ গভৰ্নৰ পদত অধিষ্ঠিত হৈ আছিল ছাৰ এছলি ইডেন‌ নামৰ বৃটিছ বিষয়াগৰাকী। এই এছলি ইডেন ভূটানত বৃটিছ ভাৰতীয় চৰকাৰৰ আজ্ঞাবাহী বিশেষ বিষয়া ৰূপে নিয়োজিত হৈ থকা কালছোৱাতেই, ভুটীয়া শাসকৰ ছাপত পৰি তেওঁ স্বাক্ষৰ কৰিছিল বৃটিছ ভূটান চুক্তিত। কিন্তু ভূটীয়া সকলৰ স্বাৰ্থ সৰহকৈ পূৰণ কৰা এই চুক্তিখন পৰৱৰ্তী কালত বৃটিছ চৰকাৰে ৰদ কৰে। আৰু এই চুক্তিৰ একপক্ষীয় অৱমাননাৰ ফলশ্ৰুতিত ১৮৬৪-৬৫ত বৃটিছ ভাৰত আৰু ভুটানৰ মাজত যুদ্ধ সংঘটিত হয়। সেই এছলি ইডেনেই এদিন বিখ্যাত আনন্দ বাজাৰ পত্ৰিকা’ৰ সম্পাদক, প্ৰকাশক শিশিৰ কুমাৰ ঘোষক দিলে এক প্ৰস্তাৱ। আৰু সেইয়া আছিল ‘মিলিজুলি একেলগে আগবঢ়াৰ’ এক প্ৰলোভন ভৰা প্ৰস্তাৱ। ইয়াৰ প্ৰত্যুত্তৰত ঘোষ ডাঙৰীয়াই এছলি ইডেনক কৈছিল – “শ্ৰীমান, এই ধৰাত এজনটো সৎ সাংবাদিক থাকিবলৈ দিয়ক”।
আজিৰ সময়ত এনেকৈ ক’ব পৰা, হাতলৈ অহা পেছাগত, লোভনীয় প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিব পৰা সাংবাদিক সচাকৈয়ে আছেনে বাৰু?

*** (ক্ৰমশঃ)

Leave A Reply