Breaking

স্বেচ্ছাসেৱী সংস্থা ফাতিমা ওৱেলফেয়াৰ ফাউণ্ডেচনে নিৰ্মাণ কৰি দিলে বেচৰকাৰী জৰাজীৰ্ণ বিদ্যালয় গৃহ

0 1,036

হোজাই জিলাৰ ডবকাৰ স্বেচ্ছাসেৱী সংস্থা ফাতিমা ওৱেলফেয়াৰ ফাউণ্ডেচনৰ সামাজিক কাম কাজে সকলোৰে দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছে ।উল্লেখ্য যে ডবকা নগৰৰ পাৰ্শ্বৱৰ্তী নাহৰ গাঁওস্থিত  জ্ঞানদ্বীপ একাডেমী নামৰ বেচৰকাৰী শিক্ষানুষ্ঠানখন পকীৰে নিৰ্মাণ কৰি দিয়াৰ বাবে আগবাঢ়ি আহিছে স্বেচ্ছাসেৱী সংস্থাটো।বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি নাহৰ গাঁৱত ২০১৯ তে জ্ঞানৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে স্হাপন কৰা হৈছিল জ্ঞানদ্বীপ একাডেমী নামৰ শিক্ষানুষ্ঠানখন।প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থকা শিক্ষানুষ্ঠান খনএটা জৰাজীৰ্ণ গৃহত পাঠ দান চলি আছিল। শিক্ষানুষ্ঠানখনত বৰ্তমান আঠ জনশিক্ষক শিক্ষয়ত্ৰীৰ বিপৰীতে দুশৰো অধিক ছাত্ৰ ছাত্ৰী আছে। চৰকাৰী ভাবে স্বীকৃতি নোপোৱাৰ বাবে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ থকা শিক্ষানুষ্ঠান খন এটা জৰাজীৰ্ণ গৃহতে ৰদ বৰষুণৰ মাজতে পাঠদান আগবঢ়াই আহিছে ইয়াৰ  শিক্ষক শিক্ষয়িত্ৰী সকলে।শিক্ষানুষ্ঠান খনৰ সমস্যাৰাজিৰ বিষয়ে ইয়াৰ পৰিচালনা সমিতিয়ে স্বেচ্ছাসেৱী সংস্থা ফাতিমা ওৱেলফেয়াৰ ফাউণ্ডেচনেৰ সভাপতি মহাম্মদ আলহাজ আব্দুল জলিলৰ দৃষ্টি গোচৰ কৰাত শিক্ষানুষ্ঠানখন ফাউণ্ডেচনৰ তৰফৰ পৰা পকী কৈ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতি অনুসৰি ইতি পূৰ্বে বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে বিদ্যালয়খনৰ  ন’টা কোঠালীৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। বাকী থকা কোঠালীৰ নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে। বিদ্যালয় খনৰ চৌপাশৰ  ওৱাল নিৰ্মাণৰ লগতে শৌচাগাৰ,প্ৰশ্ৰাৱগাৰ আদিও নিৰ্মাণ কৰি দিয়া হ’ব বুলি স্বেচ্ছাসেৱী সংস্থাটোৱে জানিব দিয়ে ।এই নিৰ্মাণ কাৰ্যত প্ৰায় ১৫ লাখ টকা ব্যয় হ’ব বুলি ফাউণ্ডেচনৰ সভাপতি মহাম্মদ আলহাজ আব্দুল জলিলে সদৰী কৰিছে । শিক্ষা ক্ষেত্ৰত পিছপৰি থকা অঞ্চল সমূহত শিক্ষিতৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে ডবকা নগৰৰ  মাজমজিয়াত থকা ডবকা এম ই বিদ্যালয়খনতো অনুৰূপ ভাৱে শ্ৰেণী কোঠা নিৰ্মাণ কৰি দিছে স্বেচ্ছাসেৱী সংস্থাটোৱে ।সামাজিক কামত সদায় নিজকে নিয়োজিত কৰি ৰখা ফাতিমা ওৱেলফেয়াৰ ফাউণ্ডেচনে দৰিদ্ৰ জনগণক খাদ্য বিতৰণ, প্ৰকৃতিৰ ভাৰসাম্য বজাই ৰাখিবলৈ গছপুলি ৰোপণ, দৰিদ্ৰক প্ৰয়োজন অনুসৰি আৰ্থিক সহায় আদিৰ দৰে ৰাজহুৱা কাম কৰি আহিছে । স্বেচ্ছাসেৱী সংস্থাটোৰ এনে সামাজিক কাম কাজক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।Attachments area

Leave A Reply