Breaking

ব্লাড কেঞ্চাৰত ভুগি থকা শিশুৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান স্বেচ্ছাসেৱী সংগঠনৰ

0 1,701

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ এটা ব্যতিক্রমী স্বেচ্ছাসেৱক সংগঠন, লাহৰীঘাট ছচিয়েল ওয়েল ফেয়াৰ অৰগেনাইজেচনে এই বেলি বহু জনহিতকৰ কাম কৰি সমাজত এটা বিশেষ মৰ্যাদা লাভ কৰিছে।লাহৰীঘাট অঞ্চলৰ ধিঙৰআটি গাঁৱৰ  আইজুল  ইছলামৰ কন্যা শিশু চোমাইয়া ছিদ্দিকা বিগত প্ৰায় এমাহ ধৰি ব্লাড কেঞ্চাৰ ৰোগত আক্রান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছে। শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আবেদন জনাইছিল। সেই মৰ্মে আজি লাহৰীঘাট ছচিয়েল ওয়েল ফেয়াৰ অৰগেনাইজেচনৰ  সভাপতি তথা সমাজ সেবক জাবেদ আলীৰ নেতৃত্বত  শিশুটিৰ অভিভাবকক চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহায্য আগবঢ়ায় । আৰু  আৰ্থিক সাহায্য প্ৰদান কাৰ্যত সহযোগিতা কৰে সমুহ  অৰগেনাইজেচনৰ কৰ্ম কৰ্তা ক্ৰমে ফাহাদ শাহিন আলী, ৰেজুৱান ইছলাম, , আজহাৰুল আহমেদ , আফৰুচ  জাহান আৰু  ৰাজিবুল ইছলামে। তেওঁলোকৰ এই কাৰ্যত স্হানীয় লোকে প্ৰশংসা কৰিছে। 

Leave A Reply