Breaking

কামৰূপত ভোটাৰ সজাগতাৰ বাবে ভোট শিখাৰ সজাগতা ৰেলী…

0 18

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ সজাগতা বৃদ্ধিৰ উদ্দেশ্যে শনিবাৰে কামৰূপ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কীৰ্তি জল্লীয়ে কামৰূপ নিৰ্বাচনী জিলাৰ ২৯ নং পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামপুৰস্থিত হালীগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰৰ পৰা এক ভোটাৰ সজাগতা যাত্ৰা ‘ভোট শিখা’ৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। এই যাত্ৰাৰ অংশৰূপে প্ৰথমে জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে ‘ভোট শিখা’ নামেৰে নামাকৰণ কৰা এক জলন্ত শিখালৈ হালীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা নিকটৱৰ্তী দহালী প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰলৈ অন্যান্য অংশগ্ৰহণকাৰীসকলৰ সৈতে সমদল কৰে। জিলা আয়ুক্ত জল্লীয়ে এই ভোট শিখা হালীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা নিকটৱৰ্তী ৩১ নাং দহালী প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰলৈ নি উক্ত কেন্দ্ৰত বি এল অ’ ছুপাৰভাইজাৰক অপৰ্ণ কৰে। উক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল কলিতাই জিলা আয়ুক্ত গৰাকীক ফুলাম গামোচাৰে আদৰণি জনায়।


পিছত উক্ত কেন্দ্ৰৰ পৰা পৰৱৰ্তী কেন্দ্ৰলৈ এই ভোটশিখা পুনৰ আন এক সমদলে লৈ যায়। এনেদৰে অহা ৫ মে’ৰ ভিতৰত এই ভোটশিখা যাত্ৰাই কামৰূপ নিৰ্বাচনী জিলাৰ ছমৰীয়া, বকো-ছয়গাঁও, পলাশবাৰী, হাজো-শুৱালকুচি বিধানসভা সমষ্টিৰ ৯৬৫ টা ভোটকেন্দ্ৰ সামৰি ল’ব। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ সদস্য, বি এল অ’ ছুপাৰভাইজাৰ, অংগনবাড়ী কৰ্মী, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্য আৰু স্থানীয় লোককে ধৰি প্ৰায় ২০০ গৰাকী লোকে অংশগ্ৰহণ কৰে। শনিবাৰৰ পৰা আৰম্ভ হোৱা ‘ভোট শিখা’ যাত্ৰাই কামৰূপ নিৰ্বাচনী জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯৬৫টা ভোটকেন্দ্ৰক সামৰি ল’ব। অহা ৫ মে’ত কামৰূপ জিলাৰ আমিনগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত “ভোট শিখা’ যাত্ৰাৰ অন্ত পৰিব। “ভোট শিখা’ৰ এই যাত্ৰাত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত বুথ পৰ্যায়ৰ বিষয়া আৰু বি এল অ’ ছুপাৰভাইজাৰ, স্থানীয় বিশিষ্ট ব্যক্তি, আত্মসহায়ক গোটৰ সদস্য, অংগনবাড়ী কৰ্মী আদি উপস্থিত থাকিব আৰু এই যাত্ৰাৰ জৰিয়তে ভোটাৰ সকলৰ মাজত ভোটাৰ সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰা হ’ব। উল্লেখ্য যে ,কামৰূপ নিৰ্বাচনী জিলাৰ SVEEP (প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ) কাৰ্যসূচীৰ অধীনত আৰু অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ কামৰূপ জিলা মিছন মেনেজমেণ্ট ইউনিটৰ সহযোগত এই কাৰ্যসূচী হাতত লোৱা হৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰদান কৰা বক্তব্যত জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে এক সুস্থ গণতন্ত্ৰৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াত নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, “আমাৰ উদ্দেশ্য হৈছে সকলো শ্ৰেণীৰ মাজত সজাগতা সৃষ্টি কৰা । এই “ভোট শিখা” যাত্ৰাক ৯৬৫টা ভোটকেন্দ্ৰলৈ লৈ গৈ সকলোকে ৭ মে’ত আগবাঢ়ি আহি নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ আহ্বান জনোৱা হ’ব। “ ভোট শিখাই অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলকে ধৰি কামৰূপ নিৰ্বাচনী জিলাৰ সকলো অঞ্চল সামৰি ল’ব আৰু ভোটাৰ সজাগতা বৃদ্ধি কৰি আৰু অধিক ভোটাৰক অংশগ্ৰহণৰ বাবে উৎসাহিত কৰিব বুলি তেওঁ লগতে কয়।


ভোট শিখা যাত্ৰাত জিলা উন্নয়ন আয়ুক্ত আৰু SVEEP (Systematic Voters’ Education and Electoral Participation) কোষৰ ন’ডেল বিষয়া সুশান্ত কুমাৰ দত্ত, পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিমাদ্ৰী বৰা, বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) আৰু SVEEP কোষৰ সহকাৰী বিষয়া সোমা ৰায় উপস্থিত থাকে। জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্তই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক সুদৃঢ় কৰাত প্ৰতিজন ভোটদাতাৰে ভোট অমূল্য বুলি উল্লেখ কৰে। পিছত জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে দিব্যাংগ ভোটাৰসকলৰ মাজত সজাগতাৰ বাবে হাতত লোৱা এক কাৰ্যসূচীৰ অংশস্বৰূপে মিৰ্জাৰ কোঁচপাৰাত ডিম্পী বড়ো নামৰ এগৰাকী দিব্যাংগ ভোটাদাতাক নিজ গৃহত গৈ সাক্ষাত কৰে আৰু ভোটদানত অংশ ল’বলৈ আহ্বান জনায়।

Leave A Reply