Breaking

যুদ্ধৰ দামামাৰ মাজতে মোডীৰ প্ৰশংসাত পঞ্চমুখ ইউক্ৰেইন, ৰাছিয়া!

0 2,132

যুদ্ধৰ দামামাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উদ্দেশ্যি টুইট কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলনস্কিয়ে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে শনিবাৰে টুইট কৰি তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা আলোচনাৰ বিষয়ে অৱগত কৰিছে। উল্লেখ্যে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘত ভাৰতে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতৰ এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ এই নিৰপেক্ষতাৰ পদক্ষেপক ৰাছিয়াইও প্ৰশংসা কৰিছে। ৰাছিয়াই ৰাষ্ট্ৰসংঘত ভাৰতৰ পদক্ষেপক প্ৰশংসা কৰাৰ পিছতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এক বিবৃতিত কয়, “মই প্ৰধানমন্ত্ৰী মোডীৰ পৰা ৰাজনৈতিক সমৰ্থন বিচাৰিছো। জেলেনস্কিয়ে কয়, তেওঁ প্ৰধানমন্ত্ৰী মোডীক এক মিলিয়নতকৈও অধিক সৈনিকৰ সৈতে ৰাছিয়াৰ আক্ৰমণৰ বিষয়ে কৈছিল। ইফালে ৰাছিয়াই ভাৰতৰ “স্বতন্ত্ৰ আৰু সন্তুলিত” স্থিতি অত্যন্ত প্ৰশংসনীয় বুলি প্ৰশাংসা কৰিছে।

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্ত পৰিষদৰ বৈঠকত নিন্দা প্ৰস্তাৱৰ সময়ছোৱাত চীন, ইউএইৰ লগতে ভাৰতেও ভোটদান কৰাৰ পৰা বিৰত আছিল। এই নিন্দা প্ৰস্তাৱত ১১ খন সদস্য ৰাষ্ট্ৰই ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰিছিল। ভাৰতৰ এই পদক্ষেপৰ বাবে ৰাছিয়া আৰু ইউক্ৰেইনে দুয়ো দেশৰ প্ৰশংসা লাভ কৰিছে। ভাৰতে নিৰাপত্তা পৰিষদৰ বৈঠকত ৰাছিয়া আৰু ইউক্ৰেইনৰ সমস্যা কূটনৈতিক আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ আহ্বান কৰিছে। ভাৰতে দেশসমূহৰ “সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক” সন্মান জনোৱাৰ বাবেও আহ্বান জনাইছিল। ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয়ৰ উদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে আলোচনা কৰিছিল।

Leave A Reply