Breaking

পেটুৱা আৰক্ষীলৈ অশনি সংকেত। কৰিব লাগিব স্বেচ্ছামূলক অবসৰ গ্ৰহন…

0 136

২৫০ গৰাকীলৈ অশনি সংকেত। গোচৰ পঞ্জীয়ন আৰু তদন্ত গুৰুত্ব ডঃ শৰ্মাৰ। স্মাৰ্ট দায়বদ্ধ নিৰপেক্ষ হবই লাগিব।একাংশ গেৰেলা, দুৰ্নীতি পৰায়ন আৰু সুৰাপায়ী আৰক্ষীলৈ নামি আহিছে ঘোৰ অমানিশা। খাকী পোছাকৰ বলত বলীয়ান হৈ ঘোচ লোৱা, দুৰ্নীতি পৰায়ন ব্যক্তিক সহায় কৰা আদি বিভিন্ন দুৰ্নীতিত লিপ্ত থকা আৰক্ষী আজিও বিৰাজমান বিভাগটোত। একেদৰে সুৰাপান কৰি অশ্লীল অশ্ৰাব্য কথা কোৱা আৰক্ষীৰো অভাব নাই বিভাগটোত। আনহাতে শাৰীৰিক ব্যায়াম নকৰা এচাম আৰক্ষী চোৰ ডকাইতক দৌৰি গৈ ধৰিব পৰাটো এক প্ৰকাৰ অসম্ভব হৈ পৰিছে। কিয়নো এনে আৰক্ষীৰ ইচ্ছা থাকিলেও শৰীৰে বিশেষকৈ পেটটোৱে অনুমতি নিদিয়ে। বিভাগটোত চলি থকা এনে অৰাজকতাৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। গৃহ বিভাগৰো দায়িত্বত থকা ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে গৃহ বিভাগৰ প্ৰধান সচিবৰ উপৰি শীৰ্ষ বিষয়াৰ সৈতে কৰা এক দীঘলীয়া আলোচনাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

আলোচনা কালত সঞ্চালক প্ৰধান জি পি সিঙে দীৰ্ঘদিন ধৰি প্ৰায় অকামিলা ২৫০ গৰাকী আৰক্ষীক স্বেচ্ছামূলক অৱসৰ গ্ৰহণ প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰতিটো গোচৰ ৰুজু কৰাৰ লগতে তদন্ত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কোলকাতাকে ধৰি কিছু চহৰত নাৰী অধিক সুৰক্ষিত বুলি মন্তব্য কৰি আৰক্ষী স্মাৰ্ট, মডাৰ্ণ আৰু দায়বদ্ধ হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ২০১৪ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰক্ষীৰ সঞ্চালকপ্ৰধান আৰু মহাপৰিদৰ্শকৰে হোৱা আলোচনাতো এই বিষয়ে উল্লেখ কৰিছিল বুলি সদৰি কৰে। আনহাতে মুখ্যমন্ত্ৰীৰ দায়িত্ব ভাৰ গ্ৰহণ কৰি ডঃ শৰ্মাই নিশা থানালৈ এগৰাকী ভুক্তভোগী মহিলা আহিব পৰা পৰিবেশ গঢ় দিয়াত গুৰুত্ব আৰোপ কৰিছিল। কিন্তু এচাম আৰক্ষীৰ কৰ্মকাণ্ডই জনতা আৰু আৰক্ষীৰ মাজত গঢ়ি তুলিছে বৃহৎ প্ৰাচীৰ। বিশেষকৈ নিশাৰ ভাগত এচাম মাতাল আৰক্ষীৰ ব্যৱহাৰে ন্যায় বিচাৰি থানাত যাবলৈ বহুলোক ইচ্ছুক নহয়। আনহাতে এতিয়াও বহু বিষয়াৰ বিৰুদ্ধে থানাত গোচৰ পঞ্জীয়ন হৈ আছে যদিও তদন্তই আৰম্ভ কৰা নাই তদন্তকাৰী বিষয়াই। এনে দুৰ্নীতি পৰায়ন বিষয়াই এতিয়াও বিভাগটোত কাৰ্যনিৰ্বাহ কৰি থকা ঘটনাই জনতাক ন্যায় প্ৰদান কৰাত চৰকাৰ কিমান সফল হব সেয়া বিচাৰ্যৰ বিষয়। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সুৰাপায়ী, দুৰ্নীতি পৰায়ন আৰু পেটুৱা আৰক্ষীক স্বেচ্ছামূলক অৱসৰ দিবলৈ আগবঢ়া কাৰ্যক সৰ্বসাধাৰণ জনতাই আদৰণি জনাইছে।

Leave A Reply