Breaking

নাৰী সুৰক্ষাৰ বাবে এখনি সংগ্ৰাম “Warriors”

0 811

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ কেৱল নাৰী সুৰক্ষাৰ বাবে এখনি সংগ্ৰাম৷ এই সংগ্ৰাম কোনো প্ৰতিবাদ নহয়, “Warriors” নামেৰে আৰম্ভ কৰা ধৰ্ষণবিৰোধী, নাৰী-অধিকাৰ, সবলীকৰণ, নাৰী স্বাধীনতাৰ ওপৰত আৰম্ভ কৰা এক জাগৰণ৷ বিশ্বনাথ জিলাৰ নাগশংকৰৰ এগৰাকী উদ্যমী যুৱক,বিশিষ্ট কবি,শিক্ষক তথা সমাজসেৱক উৎপল শিৱমৰ এটা ফেচবুক প’ষ্টৰ জৰিয়তে এই জাগৰণৰ উত্থাপন হৈছিল আৰু বৰ্তমান ছ’চিয়েল মিডিয়া ফেচবুকতে সীমাবদ্ধ নাথাকি সমগ্ৰ ৰাজ্যতে বিয়পি পৰিছে জাগৰণ৷

সম্পূৰ্ণ অৰাজনৈতিক আৰু অসাম্প্ৰদায়িক তথা সামাজিক আৰু মানবীয়তাৰ প্ৰমূল্যবোধৰে আৰম্ভ কৰা এই জাগৰণৰ মূল উদ্দেশ্য হৈছে নাৰী সবলীকৰণ,নাৰী সুৰক্ষা,কন্যা শিশুৰ উন্নয়ন, ভ্ৰূণ হত্যা, ডাইনী হত্যাৰ বিপক্ষে বৈজ্ঞানীক দৃষ্টিভংগীৰ প্ৰসাৰ, কুটিৰ শিল্প,বয়ন,পশুপালন আদিৰ দ্বাৰা নাৰীক স্বাৱলম্বী হবলৈ সহায় কৰা, বিধবা বা অসহায় মহিলাক আৰ্থিক সংস্থাপন, দৰিদ্ৰ মেধাবী ছাত্ৰীক শিক্ষা গ্ৰহণত সহায় কৰা,নাৰী নিৰ্য্যাতনৰ বিপক্ষে আইনী প্ৰক্ৰিয়াৰে সহায় কৰা,ধৰ্ষণকাৰী মাত্ৰেই ফাঁচীৰ দাবী হেতু জনমত সৃষ্টি কৰা ইত্যাদি।

এই জাগৰণৰ প্ৰতি সঁহাৰি জনায়েই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ  অতি কম সময়ৰ ভিতৰতে হাজাৰ হাজাৰ পুৰুষ মহিলা,আবাল বৃদ্ধ বনিতা সদলবলে আগুৱাই আহিছে আৰু অসমৰ প্ৰায় সকলো জিলাতেই “Warriors”ৰ শাখা গঠন হৈছে আৰু পূৰ্ণোদ্যমে নাৰীৰ মাজত জাগৰণ তথা সমাজ সংস্কাৰ মূলক কাম আৰম্ভ হৈছে। সেই জিলা শাখা সমূহৰ অধীনত প্ৰতিজিলাত ইতিমধ্যে কেইবাটাও আঞ্চলিক শাখাও গঠন হৈছে।

সেই উদ্দেশ্যে অসমৰ আন জিলা সমূহৰ দৰেই শোণিতপুৰ জিলাতো “Warriors” শোণিতপুৰ জিলা শাখাৰ আহ্বায়িকা  সুস্বপ্না হাজৰিকাৰ আহ্বান মৰ্মে এখনি সজাগতা সভা অনুস্থিত হয়।মুঢ়াদ’ল মাধৱ গোঁসাই থানত অনুষ্ঠিত উক্ত সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা সম্পৰ্কত সুস্বপ্না হাজৰিকাই কয় “নাৰীৰ সৰ্বাংগীন বিকাশৰ বাবে সমগ্ৰ অসমতে এক জাগৰণ সৃষ্টি কৰাৰ অন্য এক নাম হৈছে ‘Warrior’।

ইয়াৰে এটি শাখা গঠন কৰাৰ উদ্দেশ্য এই সভাখন আহ্বান কৰা হৈছে যাতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত নাৰী সকলক সুৰক্ষা,সুবিধা প্ৰদানেৰে আগুৱাই লৈ যাব পৰা যায়”। প্ৰায় শতাধিক মহিলাই অংশগ্ৰহণ কৰা উক্ত সভাত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে Warriors ৰ মুখ্য আহ্বায়ক তথা  বিশিষ্ট কবি,শিক্ষক তথা সমাজসেৱক  উৎপল শিৱমে।“Warrior” ৰ মুখ্য উদ্দেশ্য সমূহ দাঙি ধৰি মুখ্য আহ্বায়ক গৰাকীয়ে কয় “নাৰীৰ সৰ্বাংগীন উন্নতি আৰু সবলীকৰণৰ ক্ষেত্ৰত আইনগত তথা চৰকাৰী ভাৱে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও নাৰীসকল এতিয়াও অসুৰক্ষিত,শোষিত আৰু অৱহেলিত হৈ আছে।

সেয়ে নাৰীৰ সুৰক্ষা তথা সবলীকৰণ আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত এক জনজাগৰণ সৃষ্টি কৰা আৰু তেওঁলোকক সহায় কৰিব পৰাকৈ এক মঞ্চ প্ৰদান কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। বিশেষকৈ ধৰ্ষণকাৰী সকলক উপযুক্ত শাস্তি প্ৰদানৰ বাবে ন্যায়পালিকাৰ ওচৰত জনমত গঠন কৰাটোও হৈছে Warriors ৰ আন এক মুখ্য উদ্দেশ্য”।

বিয়লি ৩ বজাৰ পৰা আৰম্ভ হোৱা উক্ত সভাত অসমৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো Warriors ৰ এটা আঞ্চলিক গোট গঠন কৰা হয় আৰু সেই গোটত মূৰ্চনা কাকতি আৰু স্মৃতি হাজৰিকাক দায়িত্বত জামুগুৰি অঞ্চলৰ কেইবাখনো গাওঁৰ যুৱতী মহিলা অৰ্ন্তভূক্ত হৈ Warriors ৰ দ্বাৰা নাৰী সবলীকৰণ আৰু উন্নয়নৰ হকে কাম কৰি যাবলৈ সংকল্পবদ্ধ হয়।

উল্লেখ্য যে যোৰহাটত ১৪ টা,ডিব্ৰুগড়ত ৪টা,মাজুলী,লক্ষীমপুৰ,নাৰায়ণপুৰ,লালুক আদিতো Warriorsৰ এনে গোট গঠণ কৰি পূৰ্ণোদ্যমে নাৰীৰ মাজত জাগৰণ তথা সমাজ সংস্কাৰ মূলক কাম আৰম্ভ হৈছে।

Leave A Reply