Breaking

পানী সমন্ধীয় পৰ্যালোচনা আৰু বিশ্ব জল দিৱসৰ তাৎপৰ্য…

0 30

Thousands have lived without love, not one without water.(A.H.Auden)

বিভিন্ন ধৰ্মৰ দৃষ্টিত পানী – ঋকবেদ সংহিতাত কৈছে ‘পানী আনন্দৰ উৎস, শক্তিৰ ভাণ্ডাৰ, কল্যাণকাৰী, পৱিত্ৰ কৰোতা, মাতৃৰ দৰে পালনকৰ্ত্তা আৰু জীৱনদায়িনী।’ ভাগৱত গীতাত কৈছে, ‘জীৱনটো আৰম্ভ হৈছে পানীৰ পৰা, পানীৰ আৰ্শীবাদেৰে আমাৰ জীৱন লালিত পালিত হয়। সভ্যতাৰ বিকাশ ঘটে।’ চাণ্ডক্য উপনিষদত বিশ্ব ব্ৰহ্মাণ্ডত জীৱৰ সৃষ্ঠি সম্পৰ্কত এটি বিস্তৃত ব্যাখ্যা আছে। উল্লেখ আছে যে প্ৰথমতে ব্ৰহ্মা অৰ্থাৎ পৰম আত্মাৰ সৃষ্টি হৈছিল। সৃষ্টিৰ প্ৰভাতী বেলাত ব্ৰহ্মাই উপলব্ধি কৰিছিল যে বিশ্ব ব্ৰহ্মাণ্ডত আৰু বহু সৃষ্টি কৰিবলগীয়া আছে। লগে লগে সৃষ্টি হ’ল অগ্নিৰ। অগ্নিৰ পিছত সৃষ্টি হ’ল পানীৰ। ইছলাম ধৰ্মৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ কোৰানত পানীক আল্লাৰ আৰ্শীবাদ বুলি বৰ্ণনা কৰা আছে। ইছলামত পানীৰ অপচয় কঠোৰ ভাৱে নিষিদ্ধ কৰা আছে আৰু ব্যৱসায়িক লাভৰ বাবে ইয়াৰ ব্যৱহাৰ পাপ বুলি গণ্য কৰা হৈছে। মানুহে জীৱ-জন্তু, চৰাই চিৰিকতি, উদ্ভিদ বা অন্যান্য জীৱৰ বাবে খোৱা পানীৰ সংৰক্ষণ কৰাতো এক প্ৰকাৰ আল্লাৰ প্ৰতি উপাসনা আৰু এই কাৰ্য্যৰ দ্বাৰা আল্লা সন্তুষ্ট হয় বলি উল্লেখ আছে। খৃষ্টান ধৰ্মত পানী হৈছে পৱিত্ৰতাৰ প্ৰতীক। খৃষ্টান ধৰ্মত শৰণ লোৱাৰ সময়ত বা খৃষ্টান ধৰ্মৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাৰ সময়ত পৱিত্ৰ পানীৰে স্নান কৰোৱা হয়। Old Testamentত পানীক যীশুখৃষ্টৰ পূৰ্বজন্মৰ প্ৰতীক বুলি গণ্য কৰা হয়। লগতে পানীক ভগবানৰ আৰ্শীবাদ আৰু তেওঁৰ বদন্যতাৰ কাৰণে মানব সমাজে এই অমূল্য সম্পদ লাভ কৰিছে বুলি বিশ্বাস কৰা হয়।


বৌদ্ধধৰ্মৰ মতে পানী হৈছে সকলোৰে জীৱন দাতা। পানী বিশুদ্ধতা, নিৰ্মলতা আৰু শান্তিৰ প্ৰতীক। সুদীৰ্ঘ ৪৫ বছৰ বৌদ্ধ ধৰ্মৰ প্ৰচাৰক হিচাপে পৃষ্ঠপোষকতা কৰা গৌতম বুদ্ধই সকলো প্ৰাকৃতিক সম্পদৰ ওপৰত সন্মান জনাবলৈ আৰু পানী অপচয় ৰোধ কৰিবলৈ শিষ্যসকলক উপদেশ দিছিল। বৌদ্ধধৰ্মৰ বজ্ৰয়ান মতাৱলম্বীৰ লোকসকলে লোভ মোহৰ পৰা নিজকে আঁতৰাই ৰাখিবৰ বাবে গৌতম বুদ্ধ আৰু আন আন প্ৰচাৰক সকলক ৭ টা পাত্ৰত পানী আগবঢ়াই দিয়াৰ কাহিনী আছে। পানী কি? পানী হৈছে এটি অজৈৱ, স্বচ্চ, স্বাদহীন, গন্ধহীন আৰু বৰ্ণহীন এক ৰাসায়নিক পদাৰ্থ। পানী পৃথিৱীৰ বায়ুমণ্ডল আৰু জীৱ বা উদ্ভিদ কোষৰ এটি প্ৰধান উপাদান। পানীয়ে প্ৰাণী বা উদ্ভিদক শক্তি বা জৈবিক পুষ্টি প্ৰদান কৰে নে নকৰে এই কথা জ্ঞাত নহয় যদিও সকলো ধৰণৰ জীৱৰ অস্তিত্ব ৰক্ষাৰ বাবে পানী অতিকে অপৰিহাৰ্য। পানীৰ ৰাসায়ণিক চিহ্ন হ’ল H2O। পানীৰ প্ৰতিটো অনুত এটা অক্সিজেন পৰমানু আৰু দুটাকৈ হাইড্ৰোজেন পৰমানু সংকেতিক ভাবে সংযুক্ত হৈ থাকে। বায়ুমণ্ডলীয় চাপত H2O 00-1000 চেলচিয়াচৰ ভিতৰত তৰল হিচাপে থাকে। এই তলৰ H2O আমি পানী বুলি কওঁ। O0 ছেলচিয়াচত পানী বৰফত পৰিণত হয় আৰু 1000 চেলচিয়াচত পানী গেছীয় জলবাস্পত পৰিণত হয়। ওপৰৰ বায়ুমণ্ডলত জলীয় বাস্প শীতল হৈ মিহি মিহি কণা আৰু বৰফ কনালৈ পৰিবৰ্তন হলে আমি সেইবোৰক ডাৱৰ বুলি কওঁ। জল কণাবোৰৰ আকাৰ বাঢ়ি পৃথিৱীত পৰিলে বৰষুণ বুলি কওঁ। পৃথিৱীৰ পৃষ্ঠভাগ প্ৰায় ৭০.৯ক্ম অংশ পানীয়ে আবৰি লৈছে। পৃথিৱীৰ ৯৬.৫ক্ম পানী মহাসাগৰত, ১.৭ক্ম পানী মাটিৰ তলত, ১.৭ক্ম বৰফ আৰু বায়ুমণ্ডলত ০.০০১ক্ম জলীয় বাস্প হিচাপে উপলদ্ধ হয়। পৃথিৱীৰ প্ৰায় ২.৫ক্ম পানী মিঠা পানী আৰু বাকী ৯৮.৮ক্ম পানী ভূগৰ্ভস্থ আৰু বৰফ। ০.৩ক্ম কৈও কম বিশুদ্ধ পানী, নদী, হৃদ বা বায়ুমণ্ডল বা বিভিন্ন জীৱ আৰু উৎপাদিত পদাৰ্থৰ দেহত পোৱা যায়। পানীৰ ব্যৱহাৰিতা পানী প্ৰাণী আৰু উদ্ভিদ জগতৰ এক অপৰিহাৰ্য উপাদান। এই কাৰণেই কোৱা হয় পানী মানেই জীৱন। পানী অবিহনে মানুহ, জীৱ নাইবা উদ্ভিদ জীয়াই থকাতো অসম্ভব। আমাৰ দৈনন্দিন জীৱনত কেতিয়াবা পানীৰ অভাব হ’লেহে পানীৰ গুৰুত্ব আমি বুজি পাওঁ। মানুহ খাদ্যৰ অভাবত কেইবাদিনো জীয়াই থাকিব পাৰে, কিন্তু পানীৰ অভাবত তিনি দিনতকৈ বেছি দিন জীয়াই থাকিব নোৱাৰে। ৰন্ধা বঢ়া কাৰ্য, বাচন বৰ্তন পৰিস্কাৰ কৰা, কাপোৰ ধোৱা আৰু স্নান কৰা আদি কামৰ বাবে পানী অপৰিহাৰ্যভাৱে ব্যৱহাৰ কৰা হয়। সকলোতকৈ কৃষি খণ্ডত পানী অত্যাধিকভাৱে ব্যৱহাৰ হয়। ইয়াৰ উপৰিও, কল কাৰাখানা, তাপ বিদ্যুৎ বা জলবিদ্যুৎ প্ৰকল্পসমূহতো পানী প্ৰচুৰভাৱে ব্যৱহাৰ কৰা দেখা যায়। এই সকলোবোৰৰ উপৰিও প্ৰাণীৰ শৰীৰ সুস্থ ৰখা বা শৰীৰৰ ওজন নিয়ন্ত্ৰনৰ বাবে পানীৰ প্ৰয়োজনীয়তা আছে। নিয়মিত আৰু সময় অনুযায়ী পানী ব্যৱহাৰ কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। মানুহৰ ছাল ভালে ৰখাৰ ক্ষেত্ৰত পানীৰ এক বিশিষ্ট ভূমিকা আছে। বৰ্তমান সময়ত কম্পিউটাৰ বা ম’বাইল ফোন আদিতে প্ৰায়ভাগ লোক ব্যস্ত হৈ থাকে। ইয়াৰ ফলত মানুহৰ মাজত মানসিক চাপৰ সৃষ্টি হয়। এই মানসিক চাপৰ পৰা মুক্তি পাবৰ বাবে নিয়মিত পানী খোৱাটো অত্যন্ত আৱশ্যক। ই শৰীৰৰ তাপমাত্ৰাৰ ভাৰসাম্যতা ৰক্ষা কৰে, হজম শক্তি বঢ়াই বা শৰীৰৰ অপকাৰী তক্সিনসমূহ দূৰ কৰাত সহায়ক হয়।


পানীৰ অধিকাৰক লৈ দেশসমূহৰ মাজত বিবাদ পানীৰ অধিকাৰক কেন্দ্ৰ কৰি বিশ্বৰ বিভিন্ন দেশৰ মাজত অতীজৰে পৰা সামাজিক আৰু ৰাজনৈতিক সংঘাটৰ সৃষ্টি হৈ আহিছে। পানী সম্পৰ্কীয় বিবাদক কেন্দ্ৰ কৰি ২০২২ চনত বিশ্বৰ প্ৰায় ৩৪৪ টা ঘটনা সংগঠিত হৈছে। এই প্ৰতিবেদন পানী সম্পকীয় বিবাদৰ অধ্যয়নৰ লগত জড়িত বিশ্বৰ আগশাৰীৰ গবেষণা অনুষ্ঠান ক্সPacific Instituteক্সএ প্ৰকাশ কৰা ক্সWater Conflic Chronologyক্সত প্ৰকাশ পাইছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত পানী সম্পৰ্কীয় বিবাদক কেন্দ্ৰ কৰি প্ৰায় ৫৮ জন লোকৰ মৃত্যু হৈছে। ইৰাণ আৰু আফগানিস্থানৰ মাজত হেলমাৰ নদীক কেন্দ্ৰ কৰি দুখন দেশৰ সেনাবাহিনীৰ মাজত ভীষন সংঘৰ্ষৰ সূত্ৰপাত হৈ আহিছে। আফ্ৰিকাৰ বিভিন্ন দেশ বিশেষকৈ নাইজেৰিয়া, ছোমালিয়া আৰু দক্ষিণ ছুডানৰ মাজত পানী আৰু ভূখণ্ডৰ বাবে খেতিয়ক আৰু পশুপালকসকলৰ মাজত দীৰ্ঘদিন ধৰি কাজিয়াৰ সূত্ৰপাত হৈ আহিছে। উল্লেখযোগ্য যে ভাৰত আৰু ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্থানৰ মাজত সিন্দু নদী, বাংলাদেশৰ মাজত তিস্তা নদী, ভাৰত আৰু নেপালৰ মাজত মহাকালী নদীক লৈ বিবাদৰ সূত্ৰপাত হৈছিল। বৰ্ত্তমানে ভাৰত আৰু চীনৰ মাজত ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি বিবাদৰ সূত্ৰপাত হৈ আছে। ইয়াৰ উপৰিও ভাৰতৰ আন্তঃৰাজ্যিক ক্ষেত্ৰত ৰবি, ব্যাস আৰু সুতলেজ নদীক কেন্দ্ৰ কৰি পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থান, কাবেৰী নদীক কেন্দ্ৰ কৰি তামিলনাড়ু, কৰ্ণাটক, কেৰেলা আৰু পুণ্ডুচেৰী, পেৰীয়াৰ নদীক কেন্দ্ৰ কৰি তামিলনাড়ু, কেৰেলা, নৰ্মদা নদীক কেন্দ্ৰ কৰি মধ্যপ্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু কৃষ্ণা নদীক কেন্দ্ৰ কৰি মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ মাজত বিবাদৰ সুত্ৰপাত অব্যাহত আছে।

বিশ্ব জল দিৱসঃ উদ্দেশ্য আৰু তাৎপৰ্য-
১৯৯২ চনৰ ২২ ডিচেম্বৰ তাৰিখে ব্ৰাজিলৰ ৰিও, ডি জেনেৰিঅ’ত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু বিকাশ সম্পৰ্কীয় এখন সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে প্ৰত্যেক বছৰে ২২ মাৰ্চ তাৰিখে ‘বিশ্ব জল দিবস’ পালন কৰিবৰ বাবে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। পানীৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা আৰু পানী সম্পৰ্কীয় নতুন নতুন চিন্তাধাৰা আৰু জ্ঞানৰ জৰিয়তে জনসাধাৰণক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে ১৯৯৩ চনৰ পৰা প্ৰতি বছৰে এই দিবস পালন কৰি আহিছে। এই দিবসত পানীৰ নাটনি, পানীৰ প্ৰদুষণ, অপৰ্যাপ্ত পানীৰ যোগান, অনাময় ব্যৱস্থাৰ অভাৱ, জলবায়ু পৰিবৰ্তনৰ প্ৰভাব আদি বিষয়সমূহে অগ্ৰাধিকাৰ পাই আহিছে। ইয়াৰ উপৰিও সকলোৰে বাবে সুৰক্ষিত খোৱা পানী, অনাময় ব্যৱস্থা, উপযুক্ত পৰিস্কাৰ পৰিছন্নতাৰ জৰিয়তে বহনক্ষম উন্নয়নৰ প্ৰাপ্তিৰ দিশত কাৰ্যপন্থা সম্পাদনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। ১৯৯৩ চনৰ পৰা ‘বিশ্ব জল দিৱসৰ’ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘই “Un World Water Development Report” (UNWR) প্ৰকাশ কৰি আহিছে। এই প্ৰতিবেদনত পানীৰ বহনক্ষম আৰু নিয়ন্ত্ৰিত ব্যৱহাৰৰ জৰিয়তে কেনেদৰে অপচয় ৰোধ কৰি বিশ্ববাসীক পানীৰ নাটনিৰ ভয়াৱহাতৰ পৰা ৰক্ষা কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ বিভিন্ন সদস্য ৰাষ্ট্ৰসমূহৰ উপৰিও খোৱাপানী আৰু অনাময় ব্যৱস্থাৰ লগত জড়িত বিভিন্ন সংগঠন যেনে— UNISEF, Water Aid and Water Sanitation (WSUP) আৰু অন্যান্য সংগঠনসমূহে জনসাধাৰণৰ মাজৰ সজাগতা সৃষ্টিৰ লগতে বিভিন্ন সামাজিক মাধ্যম, বাতৰি কাকত বা বৈদ্যুতিন মাধ্যমসমূহৰ জৰিয়তে পানী আৰু অনাময়ৰ লগত জড়িত বিষয়সমূহ দৃষ্টি আকৰ্ষণৰ বাবে ছেমিনাৰ, বক্তৃতা অনুষ্ঠান, প্ৰবন্ধ আদিৰ প্ৰকাশ আৰু তথ্য চিত্ৰ প্ৰদৰ্শন কৰি আহিছে। উল্লেখযোগ্য যে এই দিনটোত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহেও পানীৰ গুণগত মানদণ্ড, পানীৰ সংৰক্ষণ আৰু পানীৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে। ২০১৭ চনত আমেৰিকাৰ মেছিগান বিশ্ববিদ্যালয়ে ‘Best World Water Day Poster’ প্ৰতিযোগিতা বিভিন্ন বিশ্ববিদ্যালয়ৰ মাজত আয়োজন কৰিছিল। ২০১০ চনত ফিলিপাইনছে প্ৰাথমিক বিদ্যালয়সমূহৰ মাজত ‘My School Toilet’ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল।

২০২৪ চনৰ বিশ্ব জল দিৱসৰ বিষয়বস্তু –
২০২৪ চনৰ ‘বিশ্ব জল দিৱসৰ’ প্ৰধান বিষয়বস্তু হৈছে ‘Water for Peace’। ইতিহাসৰ পৰা এই কথা প্ৰতীয়মান হয় যে যেতিয়াই পানীৰ নাটনি হয় বা পানীৰ প্ৰদূষণ হয় বা পানীৰ বিতৰণত অসমতা হয় তেতিয়াই বিভিন্ন ৰাষ্ট্ৰ আৰু সম্প্ৰদায়ৰ মাজত উত্তেজনাৰ সৃষ্টি হয় আৰু তেতিয়াই ই সমাজত ৰাজনৈতিক বা সামাজিক অস্থিৰতাৰ সৃষ্টি কৰে। বৰ্ত্তমানে বিশ্বৰ বিভিন্ন দেশৰ মাজত পানীক কেন্দ্ৰ কৰি সংঘটিত ঘটনাসমূহে এই কথা প্ৰতিপন্ন কৰি আহিছে। সুস্থিৰ আৰু সমৃদ্ধিশালী বিশ্বৰ বাবে পানী যে অপৰিহাৰ্য এই কথাৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰিবৰ বাবে এই বিষয়বস্তু বাচি লোৱা হৈছে।

পানী সম্পৰ্কত ৰাষ্টসংঘৰ প্ৰতিবেদন-
পানী হৈছে প্ৰকৃতিৰ দান। প্ৰকৃতিয়ে সমাজক অফুৰন্ত আৰু সকলোৰে উপলব্ধ হোৱাকৈ এই সম্পদ ৰাজী সৃষ্টি কৰিছে। উল্লেখযোগ্য যে মানুহৰ ব্যৱহাৰৰ বাবে এতিয়াও পৃথিৱীত পৰ্যাপ্ত পানী আছে। কিন্তু মানুহে সেৱন কৰিব পৰাকৈ পৰ্যাপ্ত পানীৰ এতিয়াও অভাৱ আছে। পৰিসংখ্যা অনুযায়ী প্ৰতিজন ব্যক্তিৰ ভিতৰত দশমজন ব্যক্তিয়ে এতিয়াও এটোপাল খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে। UNISEFৰ তথ্য অনুসৰি পৃথিৱীৰ প্ৰায় ৪ ভাগৰ ৩ অংশ জনসংখ্যা এতিয়াও প্ৰতিবছৰে এমাহ পানীৰ অভাৱৰ সন্মুখীন হৈ আহিছে। বিশ্বৰ প্ৰায় ২.০০ বিলিয়ন জনসংখ্যা এতিয়াও অপৰ্যাপ্ত পানীৰ নাটনিৰে জীৱন অতিবাহিত কৰিব লাগিছে।
ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি ২০১১ চনৰ অক্টোবৰত বিশ্বৰ জনসংখ্যাই ৭ বিলিয়নৰ সীমা অতিক্ৰম কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বৰ জনসংখ্যা অহা ৩০ বছৰত বৰ্তমান ৭.৭ বিলিয়নৰ পৰা ২০৫০ চনত ৯.৭ বিলিয়ন বৃদ্ধি পাব আৰু ২১০০ চনত ই প্ৰায় ১১ বিলিয়ন হ’ব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ United Nation Environment Programm (UNEP)ৰ প্ৰতিবেদনতকোৱা হৈছে যদি পানীৰ অপচয় ৰোধ কৰা নহয় বা প্ৰদূষণ নিয়ন্ত্ৰণ কৰা নহয় তেতিয়াহ’লে ২০৩০ চনৰ ভিতৰত প্ৰায় আধা অংশই পানীৰ সংকটৰ সন্মুখীন হ’ব আৰু লাখ লাখ লোকৰ স্বাস্থ্যৰ প্ৰতিভাবুকিৰ সৃষ্টি হ’ব। এই প্ৰতিবেদনত আৰু উল্লেখ কৰা আছে যে বিশ্বৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে নগৰীকৰণ বৃদ্ধি পাব আৰু ইয়াৰ সৈতে জলবায়ুৰ পৰিৱৰ্তন বৃদ্ধি পাব। একে সময়তে মানুহৰ খাদ্যভাসৰ পৰিৱৰ্তন হ’ব আৰু সকলোবোৰ মিলিত প্ৰভাৱৰ বাবে ভৱিষ্যতে পানীৰ চাহিদা বৃদ্ধি হ’ব।


একেখন প্ৰতিবেদনে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ কাৰ্যবাহী সঞ্চালক অসীম ষ্টেইনাৰে উল্লেখ কৰিছে যে বহনক্ষম উন্নয়নৰ বাবে পৰিস্কাৰ পানীৰ এক নিৰ্ভৰযোগ্য উৎস থকাটো গুৰুত্বপূৰ্ণ। যেতিয়া পৰিস্কাৰ পানী উপলব্ধ নহয় তেতিয়া পৃথিৱীৰ দৰিদ্ৰ জনসংখ্যাই তেওঁলোকৰ উপাৰ্জনৰ এক বৃহৎ অংশ ইয়াক ক্ৰয় কৰিবলৈ ব্যয় কৰিব লাগিব যিয়ে বিকাশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব।
›¶তিটোপাল পানীৰ অপচয় ৰোধৰ বাবে সংকŠবদ্ধ হওঁ আহক বিশ্ববাসীক পানীৰ অভাৱৰ পৰা ৰক্ষা কৰিবৰ বাবে পানীৰ অপচয় ৰোধ কৰাৰ লগতে পানীৰ সংৰক্ষণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিব। বৰ্ত্তমানে পানীৰ সংকটৰ সন্মুখীন হোৱা ভাৰতৰ অন্যতম উন্নত ৰাজ্য ছিলিকন ভেলী খ্যাত বাংগালোৰৰ পানীৰ সংকটৰ পৰা প্ৰতিজন লোকে শিক্ষা ল’ব লাগিব। এই বাংগালোৰ এটা সময়ত City of Lake নামে পৰিচিত আছিল। কিন্তু সভ্যতাৰ বিকাশৰ নামত কিছুমান ভুল সিদ্ধান্তৰ বাবে এই বিষম পৰিণতি ভোগ কৰিব লগা হৈছে। আজি বাংগালোৰৰ জনসাধাৰণে এটুপি খোৱা পানীৰ বাবে জীৱন-মৰণৰ সংগ্ৰাম কৰিবলগীয়া হৈছে।
আহক আমি বিশ্ব জল দিৱসৰ এই পৱিত্ৰ দিনটোত প্ৰতিটোপাল পানী সংৰক্ষণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’ব লাগিব। পানী সংৰক্ষণক আমি এক গণ আন্দোলনত পৰিণত কৰিব লাগিব। বৰ্তমানে কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্যিক চৰকাৰৰ আৰ্থিক সাহায্যত ৰূপায়ণ হোৱা প্ৰতিটো জলজীৱন আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত আমি সহযোগিতা আৰু অংশীদাৰিত্ব আগবঢ়াব লাগিব। তেতিয়াহে আমি এখন শক্তিশালী, স্বাস্থ্যবান আৰু ৰোগমুক্ত ভাৰতবৰ্ষ নিৰ্মাণ কৰিব পাৰিব।

লেখকঃধৰ্মকান্ত মিলি

Leave A Reply