Breaking

নগাঁৱত ভূমি পট্টা প্ৰদান অনুষ্ঠানত জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত : কথাৰে নহয় কামেৰে জাতি মাটি ভেটিৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছো

0 1,378

নগাঁও : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি কাম কৰি আহিছে। ৰাজ্যখনৰ সকলো জাতি-জনগোষ্ঠীৰ সমউন্নয়ন আৰু সম বিকাশৰ বাবে কাম কৰি আহিছে। যাৰ বাবে ৰাজ্যখনত এতিয়া সকলো ক্ষেত্ৰতে দ্ৰুত উন্নয়ন হৈছে।আজি নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত ভূমিহীন খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনে আয়োজন কৰা এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে ৰাজ্যৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই । নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মহন্তই কয়- আজি অসম চৰকাৰে লক্ষাধিক লোকক ভূমি পট্টা প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে চৰকাৰে ভূমিহীন খিলঞ্জীয়া লোক সকলৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছে। আহি থকা দিনত আমাৰ চৰকাৰে নতুনকৈ লক্ষাধিক ভূমিহীন খিলঞ্জীয়াক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিব। অসমৰ ভূমিহীন ভুমিপুত্ৰ সকলক অগ্ৰাধিকাৰ ভিত্তিত ভূমি পট্টা দিয়া হ’ব। জাতি মাটি ভেটিৰ সুৰক্ষা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি আমি ৰক্ষা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো। কথাৰে নহয় কামেৰে আমি এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিম। ভাষন প্ৰসংগত তেওঁ ৰাজ্য চৰকাৰৰ চাৰে চাৰি বছৰীয়া উন্নয়নমূলক কামৰ এক খতিয়ন দাঙি ধৰে। সভাত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টি বিধায়ক ৰূপক শৰ্মাই কয় বৰ্তমানৰ চৰকাৰখনৰ দিনত ৰাজ্যখনত দ্ৰুত উন্নয়ন হৈছে। তেওঁ চৰকাৰৰ উন্নয়নমূলক কাম-কাজত ৰাইজৰ সহযোগীতা কামনা কৰে। সভাত ৰহা সমষ্টি বিধায়ক ডিম্বেছৰ দাস, অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা , লাচিত দাস আৰু জিলাখনৰ ৭টা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত থাকে। জিলাখনৰ ১১৬৭ গৰাকী ভূমিহীন খিলঞ্জীয়া লোকক আজি ভূমি পট্টা প্ৰদান কৰা হয়। আজি আনুষ্ঠানিক ভাৱে ৫০ জন লোকক এই পট্টা প্ৰদান কৰা হয়। ইপিনে সভাৰ অন্তত সাংবাদিকে কলং সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মহন্তই কয় কলঙে নগঞা সভ্যতাক সমৃদ্ধ কৰি আহিছে। এই সভ্যতা হৈছে কলংপৰীয়া সভ্যতা । কিন্তু কলং এতিয়া স্তব্ধ । এই কলং নৈক নিয়ন্ত্ৰিত ৰূপত বোৱাই ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। অহা বৰ্ষত নগাঁৱৰ ৰাইজে কলং নৈক নিয়ন্ত্ৰিত ৰূপত বৈ থকা দেখা পাৱ। সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত মহন্তই কয়- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰবাৰ বেদখলিকৃত ভূমি বে-দখল মুক্ত কৰা হৈছে। বটদ্ৰৱাক লৈ চৰকাৰে এক আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে বটদ্ৰৱাৰ সংৰক্ষণ আৰু উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুজনাৰ নামত স্থাপন কৰা বিশ্ববিদ্যালয়ৰ বাবে পূৰ্বৰ মাটি খিনি উপৰিও নতুনকৈ ৩০০ বিঘা মাটি আমাৰ চৰকাৰে আবন্তন দিছে । বিশ্ববিদ্যালয়খনৰ উন্নয়নৰ বাবে চৰকাৰে সকলো সুবিধা প্ৰদান কৰিব।

Leave A Reply