Breaking

আমাক শ্মশান নহয় বিশ্ববিদ্যালয় লাগে…

0 1,105

মদন মোহন পাগবন্ধা

শেহতীয়াকৈ কিছুমান অনাহক বিতৰ্কই অসমীয়া জাতিৰ মন মগজুত দোলা দি গৈছে। এনে সংকট কালত অসমীয়া জাতিৰ পুৰোধা ব্যক্তিসকলক চৰকাৰী বা বেচৰকাৰী বিভিন্ন পক্ষই পদঘাত কৰিছে। ঠিক তেনেকুৱা এক অবিবেচক কাণ্ড হ’ল ডঃ বাণীকান্ত কাকতিৰ নামত এখন শ্মশানৰ নামাকৰণ। বৰ্তমানৰ চৰকাৰখনে পিছত বিতৰ্কৰ অৱসান ঘটাই নাম ফলকখন আঁতৰাই পেলাইছে বুলি জানিব পৰা গৈছে। এতিয়া সকলো যেন সুখী। লগতে এটা চক্ৰই ছ’চিয়েল মিডিয়াত ইয়াৰ প্ৰস্তাৱ ২০১৫ চনত তদানীন্তন তৰুণ গগৈ চৰকাৰে এই প্ৰস্তাৱ লৈছিল বুলি প্ৰচাৰ চলোৱা দেখা গৈছে। তাৰ এক নিমন্ত্ৰণী পত্ৰও ফেচবুকত উপলদ্ধ হৈছে। ঠিকেই আছে দুদিন মান বতাহ গৰম হ’ব তাৰ পিছত সকলো চেঁচা পৰিব নিশ্চয়। এই ক্ষেত্ৰত কাকতি দেৱক পুনৰ প্ৰতিষ্ঠা কৰিবৰ বাবে অসমীয়া জাতিয়ে পন লোৱাৰ সময় নিশ্চয় সমাগত কাৰণ তেখেতেই প্ৰথম অসমীয়া যি প্ৰমাণ কৰিছিল যে অসমীয়া এক স্বতন্ত্ৰ ভাষা। অসমীয়া জাতি দূৰদৰ্শী বাবেই হয়তো দুখীয়া বাণীকান্তক সেই সময়ৰ যোৰহাটৰ ৰাইজে অসমৰ দ্বিতীয় আনন্দৰাম গঢ়িবৰ  নিমিত্তে  ‘বাণীকান্ত ফাণ্ড’ নাম দি এটি পূঁজি গঠন কৰি বাণীকান্তক অৰ্থ সাহায্যৰে অনুপ্ৰাণিত কৰি তেখেতৰ শিক্ষা জীৱন সুচল কৰি দিছিল। আমি মনত ৰখা ভাল যে কাকতিদেৱেই পোন প্ৰথমে অসমীয়া ভাষাৰ উৎপত্তি আৰু গঠনৰ ওপৰত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে আলোচনা কৰি অসমীয়া ভাষাক এক স্বতন্ত্ৰ ভাষা হিচাপে বিশ্বৰ আগত দাঙি দৰে। তাৰোপৰি তেঁৱেই পোন প্ৰথমে অসমীয়া সাহিত্যত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে সমালোচনা সাহিত্যৰ পাতনি মেলে। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত ‘Assamese: Its Formation and Development’ নামৰ গৱেষণাত্মক গ্ৰন্থ প্ৰণয়ন কৰে আৰু এইখনৰ বাবে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে। উল্লেখযোগ্য কথাটো হ’ল অসমীয়া ভাষাৰ ওপৰত লিখা প্ৰথম ভাষাতত্ত্ব বিষয়ক গৱেষণামূলক পুথি এইখনেই আছিল। এই গ্ৰন্থখনৰ জৰিয়তে তেওঁ প্ৰমাণ কৰি দেখুৱায় যে অসমীয়া ভাষা এটি স্বতন্ত্ৰ ভাষা আৰু ইয়াৰ উৎপত্তি আৰু বিকাশৰ এক নিজস্ব ইতিহাস আছে। কিতাপখন অসমীয়া ভাষাৰ মাইলৰ খুঁটি। গতিকে অনুধাৱন কৰক তেওঁক সন্মান কৰিব নজনা সকলে। তেওঁ অকল ভাষাৰ ক্ষেত্ৰত পৰিধি সীমাবদ্ধ নাছিল তেখেতে ‘পুৰণি অসমীয়া সাহিত্য’ নামৰ ছিৰিজ এটা মাহেকীয়া ‘চেতনা’ নামৰ এক পত্রিকাত প্ৰকাশ কৰিছিল তাত তেওঁ গুৰুজনাৰ অৱদানৰ বহু দিশ আলোকপাত কৰিছিল। তাৰ ভিতৰত একেশ্বৰবাদৰ যোগেৰে ভাৰতীয় সভ্যতাৰ আধাৰৰূপে প্রতিষ্ঠিত সনাতন সত্যৰ প্রতি সামাজিক চৈতন্যৰ পুনঃ পুনৰীক্ষণ তথা উদ্বোধন, বাহ্যিক প্রক্রিয়াৰে ভৰা আৰু কিছু ক্ষেত্রত অনাৱশ্যকীয় বুলি ভবা আড়ম্বৰপূর্ণ অনুষ্ঠানৰ ঠাইত বিশুদ্ধ অন্তৰৰ ভক্তিভাৱেৰে ভগৱন্তৰ ওচৰত আত্মসমর্পণ আৰু সামাজিক শ্রেণী বিভেদ উলংঘা কৰি পিছপৰা সম্প্রদায় বা আন জাতি-ধর্মৰ আনে অস্পৃশ্য বুলি ভৱা মানুহকো ভক্তি আৰু সাধনাৰ ক্ষেত্রত সাম্যবাদী নীতিৰে গ্রহণ কৰাৰ সমান অধিকাৰ প্রদানৰ কথা বিশ্লেষণ কৰি জগত গুৰু শ্রীমন্ত শংকৰদেৱক মহাপুৰুষৰ স্থানত বহুৱালে৷ কাকতিদেৱে গুৰুজনাৰ সাম্যবাদৰ ধাৰণাটো সৱলভাৱে প্ৰতিষ্ঠা কৰি গৈছে সময়ৰ দৃষ্টিৰে। প্রকৃততে ড০ কাকতিদেৱৰ দেশপ্রেমমূলক এনে কৰ্মৰ তুলনা আমি কেতিয়াও কৰিব নোৱাৰিম। গতিকে আহক আমাৰ দাবী হওঁক তেখেতৰ নামেৰে আমাক শ্মশান নালাগে আমাক লাগে অসমীয়া ভাষা চৰ্চাৰ এক বিশেষ উচ্চ মানৰ বিশ্ববিদ্যালয়।

Leave A Reply