Breaking

শ্ৰমিক মগৰীয়া ভাট্ৰা ৰ্কতন ৰেল শমিকৰ সপ্তাহ যোৰা প্ৰতিবাদ ।

0 70

তিনিচুকীয়া :

আত্মনিৰ্ভৰ ভাৰতৰ কথা কোৱা প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ মৰগীয়া ভাট্টা কৰ্তন কৰা হঠকাৰী নীতিৰ বিৰুদ্ধে আজিৰ পৰা সপ্তাহজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে ৰে’ল শ্ৰমিক সকলে | ৰে’ল শ্ৰমিক সকলৰ একমাত্র শক্তিশালী অৰাজনৈতিক শ্ৰমিক সংগঠন অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ আহৱান ক্ৰমে ৰূপায়ন কৰা ৰাষ্ট্ৰব্যাপী প্ৰতিবাদী কাৰ্যসূচীত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নেও জপিয়াই পৰিছে বুলি ৰে’ল শ্ৰমিক নেতা পুলক গগৈয়ে আজি তিনিচুকীয়াত প্ৰকাশ কৰিছে | এই প্ৰতিবাদী কাৰ্যসূচী দেশৰ আন আন প্ৰান্তৰ লগতে এন এফ ৰে’লৱেৰ তিনিচুকীয়া ডিভিজনৰ লিডু,তিনিচুকীয়া,নিউ তিনিচুকীয়া,ডিব্ৰুগড়,শিমলুগুৰি,মৰিয়নি আৰু ফৰকাটিং আদি শাখা সমূহৰ উপৰি লামডিং, ৰঙিয়া,আলিপুৰদুৱাৰ আৰু কাটিহাৰ ডিভিজনৰ মুঠ 52 টা শাখাই সপ্তাহজোৰা প্ৰতিবাদ সাব্যস্ত কৰিছে  | এই প্ৰতিবাদ সন্দৰ্ভত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক তথা তিনিচুকীয়া ডিভিজনৰ কনভেনৰ পুলক গগৈয়ে এক প্ৰেছ বাৰ্তাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, মূৰৰ ঘাম মাটিত পেলাই তেজক পানী কৰি ৰে’ল শ্ৰমিক সকলে দেশৰ আৰ্থিক বুনিয়াদ গঢ়িছে | ক’ভিড19 কোৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰা ফলত দেশত বলবত হৈ থকা পৰতো  শ্ৰমিক সকলে নিজৰ জীৱনক তুচ্ছ কৰি ৰে’ল যাতায়াত ব্যাহত নোহোৱাকৈ দিনে ৰাতিয়ে মেহনত কৰি কৰ্তব্য সম্পাদন কৰিছে নিৰ্বিঘ্নে | এফালে কোৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ আন ফালে দেশ আৰু মানৱ জাতিক সংকটৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰৰ লগত পূৰ্ণ সহযোগীতাৰে সেৱা কৰি আছে ৰে’ল শ্ৰমিক সকলে | ৰাষ্ট্ৰৰ মেৰুদণ্ড স্বৰূপ ৰে’ল শ্ৰমিক সকলৰ তেজ আৰু ঘাম বিজড়িত মেহনতৰ বিনিময়ত পাব লগীয়া মৰগীয়া ভাট্টা কৰ্তন কৰি আৰ্থিক মণ্ডাৱস্থা জোৰা মাৰিবলৈ মৰগীয়া ভাট্টা কৰ্তন কৰা কাৰ্যক মুঠেই গ্ৰহণযোগ্য নহয় বুলি কঠোৰ ভাষাৰে সমালোচনা কৰিছে কেন্দ্ৰীয় চৰকাৰক | ইয়াৰ উপৰিও ৰে’ল শ্ৰমিক নেতাজনে প্ৰেছ বাৰ্তাটোত আৰু কয় যে কোৰোনা ভাইৰাছ সংক্ৰমণে কাল মহামাৰী ৰূপ ধাৰণ কৰা সময়তে আত্মনিৰ্ভৰ  ভাৰতৰ কথা কোৱা প্ৰধান মন্ত্রী নৰেন্দ্ৰী মোডী চৰকাৰে দেশৰ তৈল ক্ষেত্র,কয়লা খনি তথা বনজ সম্পদ,টেলিকম বিভাগ,এয়াৰ ইণ্ডিয়া,কাগজ কল আদি লাভজনক উদ্যোগ সমূহৰ দৰে ভাৰতীয় ৰে’ল শিল্পটোক পুঁজিপতি গোষ্ঠীক গতাই গৈছে | ইয়াৰ ফলত লাখ লাখ নিবনুৱা যুৱক-যুৱতীৰ নিয়োগৰ সুবিধা চিৰদিনৰ বাবে বন্ধ হৈ পৰিছে | নতুন পেঞ্চন নীতিৰ জৰিয়তে ৰে’ল শ্ৰমিকৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে ঘোৰ অমানিশা | কেন্দ্ৰীয় চৰকাৰৰ এনে বিলাক হঠকাৰী নীতিৰ বিৰুদ্ধে আজি 1 জুনৰ পৰা 6 জুনলৈকে প্ৰতিবাদ সপ্তাহ পালন কৰা হৈছে বুলি কোৱা হৈছে | ইয়াৰ উপৰি আঠ জুনত দেশব্যাপী ক’লা দিৱস পালন কৰা হব বুলিও প্ৰেছ বাৰ্তাটোত কোৱা হৈছে | কোৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বলবত হৈ থকা লকডাউনৰ সময়ত চৰকাৰৰ সকলো নীতি নিৰ্দেশনা পালন কৰা লগতে সমান্তৰাল ভাবে নিজ নিজ কৰ্মস্থলীতে প্ৰতীকি ৰূপত মুখত ক’লা কাপোৰ পৰিধান কৰি ক’লা দিৱস পালন কৰিব বুলি প্ৰকাশ কৰিছে ৰে’ল শ্ৰমিক নেতাজনে |

Leave A Reply