সাপেখাতী, ১৪ নৱেম্বৰ : শৰীৰ নিৰোগী কৰি ৰাখিবলৈ সদায় শৰীৰ চৰ্চা কৰাটো অতিকৈ প্ৰয়োজনীয় । বৰ্তমান সময়ত শৰীৰৰ চৰ্চাৰ প্ৰতি খুবেই সচেতন আমাৰ যুৱক যুৱতী সকল। নৱপ্ৰজন্মক শৰীৰ চর্চাৰ প্ৰতি আকৰ্ষিত কৰি নিৰোগী কৰি ৰখাৰ উদ্দেশ্যেৰে অলিম্পাছ জিম এণ্ড ফিটনেছ ক্লাৱে আয়োজন কৰে জিলাভিত্তিক দেহশ্ৰী , ভাৰ উত্তোলন, শক্তি উত্তোলন আৰু ফিটনেছ প্ৰতিযোগিতা । শীতৰ তীব্ৰ প্ৰকোপকো নেওচি ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰৰ পৰা আহি প্ৰতিযোগীয়ে সকলে প্ৰতিযোগিতা খনিত অংশগ্ৰহণ কৰে । উক্ত দেহশ্ৰী প্ৰতিযোগিতাত সংগীতৰ তালে তালে বিভিন্ন ভংগীমাৰে দেহ প্ৰদৰ্শনেৰে দৰ্শকক চমক দেখুৱাই সাপেখাতীৰ নিৰ্বাসি ৰাজেশ শ্যামে ২০২০ বৰ্ষৰ মিষ্টাৰ চৰাইদেউ খিতাপ অর্জন কৰে । শক্তি উত্তোলনত ষ্ট্ৰং মেন অৱ চৰাইদেউ২০২০ খিতাপ লাভ কৰে পাৱাৰ হাউচ ক্লাৱৰ আচিফুৰ ৰহমান বৰাই । ষ্ট্ৰং অ’মেন অফ চৰাইদেউ ২০২০ খিতাপ লাভ কৰে চৰাইদেউ ৱেট লিফটিং প্ৰশিক্ষণ কেন্দ্ৰৰ তুতু মণি খাতুৱালে । ৱেট লিফ্টিংৰ বেষ্ট লিফটাৰ ২০২০ ৰ খিতাপ অর্জন ৰাজা ঠাকুৰে । ৱেট লিফ্টিংৰ বেষ্ট লিফটাৰ ২০২০ অ’মেন খিতাপ অর্জন কৰে ৰিজু মণি খাতুৱালে । মি: ফিটনেছ ২০২০ খিতাপ লাভ কৰে সাপেখাতীৰ চন্দন গগৈয়ে । মিছ ফিটনেছ ২০২০ খিতাপ লাভ কৰে সোনাৰীৰ অনন্যা নাওশলীয়াই । মি: চৰাইদেউ মাষ্টাৰ শ্ৰী খিতাপ অর্জন কৰে সোনাৰীৰ জয়ন্ত দাসে । অলিম্পাছ জিম এণ্ড ফিটনেছ ক্লাৱে আয়োজন কৰা এই প্ৰতিযোগিতাই নৱ প্ৰজন্মৰ খেলুৱৈক দিলে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লবলৈ অধিক অনুপ্ৰেৰণা। যি সময়ত আজিৰ যুৱ প্ৰজন্মই ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈ নিজৰ জীৱন ধ্বংসৰ মুখলৈ ঠেলি দিছে, তেনে সময়তে অলিম্পাছ জিম এণ্ড ফিটনেছ ক্লাৱৰ কৰ্মকতা সকলে নৱপ্ৰজন্মক শৰীৰ চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰা এই পদক্ষেপক সকলোৱে শলাগ লৈছে ।
Breaking
- ১৬ লাখ ১৫ হাজাৰতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান ভাৰতত
- বটদ্ৰৱা থানত “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”ৰ কাৰ্য্যসূচী উন্মোচন
- গোসাইগাঁৱত চি আৰ পি এফৰ ১২৯ বাহিনীৰ দ্বাৰা কৃষক ৰাইজক বিনামূলীয়া বীজ বিতৰন
- দিছপুৰ খন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্রিক সম্পত্তি নহয় – বিধায়ক আমিনুল ইছলাম
- নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন
- কমলাকান্ত গগৈ পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত
- চাওতালক জনগোষ্ঠীয় মৰ্যাদাৰ দাবী, অন্যথা নিৰ্বাচনত বৰ্জন কৰিব বিজেপিক
- পূব নলবাৰীৰ জাজিয়াবাৰীত শ্ৰীশ্ৰীবুঢ়া গোসাঁই নামঘৰত মাঘী পূৰ্ণীমা তিথি (সভা)
- BTRত ১ ফেব্ৰুৱাৰীৰ পৰা মাটিৰ কিনা-বেচাৰ অনুমতি
- কা’ৰ প্ৰতিলিপি দাহেৰে ডিমৌত আছু’ৰ ক’লা পাতাকা লৈ উত্তাল প্ৰতিবাদ