Breaking

গৈছিল বনভোজ খাবলৈ, হঠাতে ঘটিল অঘটনতো! সকলোবোৰ থানবান…

0 82

গৈছিল বনভোজ খাবলৈ, হঠাতে ঘটিল অঘটনতো! সকলোবোৰ থানবান। পুৱতি নিশা দেৰগাঁৱৰ বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনা। গোলাঘাট আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়া তিলিঙা মন্দিৰলৈ বুলি বনভোজ খাবলৈ গৈছিল প্ৰায় ৪৫ জনীয়া এটা দল। হঠাতে মাৰ্ঘেৰিটাৰ পৰা আহি থকা এখন ট্ৰাকৰ সতে মুখামুখি সংঘৰ্ষ As 02 Ac 5083 নম্বৰৰ বাছ খনৰ ৷ ১২ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

তাৰ মাজত শিশু আৰু বৃদ্ধও আছে বুলি জানিব পৰা গৈছে ৷ বগী বিলত বনভোজ খাবলৈ বুলি গৈছিল দলটো। গুৰুতৰ ভাৱে আহত ৩২ জন লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ পেৰণ কৰা হৈছে। জানিব পৰা মতে বহু কেইজন যাত্ৰী বৰ্তমান সংকটজনক অৱস্থাত।

Leave A Reply