Breaking

পশ্চিম নলবাৰীত “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০”ৰ কৰ্মশালা

0 1,043

নলবাৰী জিলাৰ পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ উদ্যোগত কালি  দিনজোৰা কাৰ্যসূচীৰে “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০” সন্দৰ্ভত এদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷  ঐতিহ্যমণ্ডিত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় অ’ডিটৰিয়ামত অনুষ্ঠিত এই কৰ্মশালাত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ মুঠ ২৪৩ খন শিক্ষানুষ্ঠানক সামৰি লোৱা হয় ৷ প্ৰতিখন শিক্ষানুষ্ঠানৰপৰা একোগৰাকীকৈ শিক্ষকক এই কৰ্মশালাত মুঠ ২৪৩ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক এই কৰ্মশালাত “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০”ৰ ওপৰত প্ৰথমবাৰৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

উল্লেখ্য যে কোনো ধৰণৰ চৰকাৰী আঁচনি অৱিহনে পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্য আৰু শিক্ষা খণ্ডটোৰ CRCC সকলৰ একক প্ৰচেষ্টা আৰু ব্যক্তিগত আৰ্থিক সাহায্যৰে এই কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০”ৰ ওপৰত ৰাজ্যৰ শিক্ষা বিভাগে কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচী গ্ৰহণৰ পূৰ্বেই পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডই নিজাববীয়াকৈ অসমৰ ভিতৰতে প্ৰথমটো কৰ্মশালা অনুষ্ঠিত কৰা বিষয়টোৱে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে ৷ আজি ৰাতিপুৱা ৯:৩০ বজাত নলবাৰী জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা জিলাখনৰ ভাৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক সীমান্ত কুমাৰ ডেকাই আজিৰ কৰ্মশালা আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে ৷

অনুষ্ঠানত নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকনে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ ওপৰত তথ্য সমৃদ্ধ ভাষণ ৰাখে ৷ নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক ভূপেন শৰ্মা,.পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শিখামণি বৰা ,সমগ্ৰ শিক্ষা নলবাৰীৰ জিলা আঁচনি বিষয়া আবেদুৰ ৰহমান আৰু পূৱ নলবাৰী শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ইনামূল মজিদ অনুষ্ঠানত উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য ৰাখে ৷ইয়াৰ পূৰ্বে পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্যই আদৰণি ভাষণ প্ৰদান কৰে ৷

Leave A Reply