Breaking

কম বয়সতে হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ কাৰণ কি? কেনেকৈ সুস্থ হৈ থাকিব লাগে…

0 41

যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ আশংকা দিনক দিনে বৃদ্ধি পাইছে। উদ্বেগ প্ৰকাশ কৰি চিকিৎসকে যুৱক-যুৱতীসকলক খাদ্য আৰু জীৱনশৈলীৰ প্ৰতি সচেতন হ’বলৈ পৰামৰ্শ দিছে। ইয়াৰ উপৰিও নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে।

ষ্ট্ৰোক হোৱাৰ কাৰণ-

  • অস্বাভাৱিক মেদবহুলতা, বহি থকা জীৱনশৈলী
  • উচ্চ ৰক্তচাপ, ডায়েবেটিছ, উচ্চ কলেষ্টেৰল আৰু ধূমপান
  • মানসিক চাপৰ বাবে অব্ষ্ট্ৰাক্টিভ স্লিপ এপনিয়াৰ ক্ষেত্ৰ বৃদ্ধি পোৱা, টোপনিৰ অভাৱ, মেদবহুলতা ষ্ট্ৰোকৰ বিপদজনক কাৰকসমূহৰ ভিতৰত অন্যতম, যিবোৰ সাধাৰণতে লক্ষ্য কৰা নহয়।

চিকিৎসকৰ পৰামৰ্শ-

  • দৈনিক ৩০-৪৫ মিনিট খোজ কাঢ়িব লাগে
  • ধ্যান কৰক।
    *ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰলৰ বাবে নিয়মীয়াকৈ ঔষধ খাব লাগে।
  • শৰীৰৰ শাৰীৰিক ক্ষমতাতকৈ বেছি ব্যায়াম নকৰিব।
  • নিয়মীয়াকৈ চেকআপ কৰি লওক।
  • বছৰত এবাৰ গোটেই শৰীৰ পৰীক্ষা কৰাব লাগে।
  • ৬-৮ ঘণ্টা টোপনি লওক।

Leave A Reply