দিল্লীক বৃহৎ ব্যৱধানত পৰাস্ত কৰি কি ক’লে লক্ষ্ণৌৰ অধিনায়ক কে এল ৰাহুলে? আই পি এল ২০২৩ৰ তৃতীয়খন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু দিল্লী কেপিটেলছৰ মাজত হয়। ইয়াত লক্ষ্ণৌৱে একপক্ষীয়ভাৱে জয়লাভ কৰে।আই পি এল ২০২৩ত শনিবাৰে নিশা অনুষ্ঠিত হোৱা খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ডাঙৰ ব্যৱধানত জয়লাভ কৰে। লক্ষ্ণৌৰ দলে দিল্লী কেপিটেলছক ৫০ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে উইণ্ডিজৰ বেটছমেন কাইল মেয়াৰ্ছৰ ৭৩ ৰানৰ ইনিংছৰ ফলত ১৯৩ ৰানৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰে আৰু পিছত মাৰ্ক উডৰ উৎকৃষ্ট বলিঙৰ (১৪/৫) সহায়ত মাত্ৰ ১৪৩ ৰানৰ বাবে দিল্লীক ৰখাই দিয়ে। এই শক্তিশালী জয়ৰ পাছত এল এছ জিৰ অধিনায়ক কে এল ৰাহুলে তেওঁৰ দুয়োগৰাকী খেলুৱৈক প্ৰশংসা কৰে।
A 𝐂𝐚𝐩𝐢𝐭𝐚𝐥𝐢𝐳𝐢𝐧𝐠 victory indeed 🤘😌#LSGvDC | #IPL2023 | #LucknowSuperGiants | #LSG | #GazabAndaz pic.twitter.com/YB4yTyxJfR
— Lucknow Super Giants (@LucknowIPL) April 1, 2023
খেলৰ অন্তত কে এল ৰাহুলে প্ৰথমে নিজৰ বেটছমেনক প্ৰশংসা কৰি কয়, ‘আমি খেলপথাৰৰ বিষয়ে বিশেষ একো নাজানিছিলো। মই ভাবো আমি এই খেলপথাৰত যিমান ৰান কৰিব লাগিছিল তাতকৈ ২৫-৩০ ৰান বেছি কৰিলোঁ। কাইল মেয়াৰ্ছে যি ধৰণে বেটিং কৰিছিল আৰু তাৰ পিছত বাকী বেটছমেনসকলে স্পিনাৰসকলক যিদৰে আক্ৰমণ কৰিছিল, তাৰ বাবেই এই ভাল স্ক’ৰত উপনীত হ’ব পৰা গৈছিল।