Breaking

পুত্ৰ অৰ্জুনৰ খেলৰ বিষয়ে কি ক’লে পিতৃ শচীন তেণ্ডুলকাৰে…

0 78

খেলৰ অন্তত শচীনে টুইট কৰি সমগ্ৰ মুম্বাই ইণ্ডিয়ানছৰ দলটোক অভিনন্দন জনায়। তেওঁ লিখিছে, “মুম্বাই ইণ্ডিয়ানছৰ এক দুৰ্দান্ত প্ৰদৰ্শন।

বেট আৰু বলেৰে দৃষ্টি কাঢ়িছে কেমেৰন গ্ৰীনে। ঈশান আৰু তিলকে ভাল বেটিং কৰিছে। প্ৰতিদিনে অধিক ৰোমাঞ্চকৰ হৈ পৰিছে আই পি এল। আৰু অৱশেষত আই পি এলত উইকেট পালে এজন টেণ্ডুলকাৰে।‘’

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০০ উইকেট দখল কৰাৰ পিছতো শচীনে কেতিয়াও আই পি এলত বল কৰি কোনো উইকেট পোৱা নাই। দ্বিতীয়খন মেচত অৰ্জুনে এটা উইকেট লাভ কৰে। সেই কথাই ক’ব বিচাৰিছিল শচীনে তেওঁৰ টুইটত।

Leave A Reply