Breaking

বহু বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ ভৱিষ্যত কোন দিশে !

0 146

এ জে আকন্দ‌, নগাঁও 

অসমৰ এগৰাকী বহু বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱ। নামেই যাৰ পৰিচয়। হোজাই সমষ্টিৰ বিজেপি দলৰ এইগৰাকী বিধায়কে সততে বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম প্ৰায়ে দখল কৰি আহিছে। বিশেষকৈ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্যৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে। কেতবোৰ সাম্প্ৰদায়িক আৰু নিচ মন্তব্যৰ বাবে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত এইজন বিধায়কৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা শতাধিক ছুইছেগৈ। এনে এগৰাকী সাম্প্ৰদায়িক নেতাক গ্ৰেপ্তাৰৰ দাবী সৰ্বস্তৰৰ লোকে উত্থাপন কৰাৰ পিছতো তেওঁক গ্ৰেপ্তাৰ কৰাতো দূৰৰে কথা আৰক্ষীয়ে আজিলৈকে সোধা পোচা কৰিবলৈ সাহস গোটাব পৰা নাই। তদুপৰি, একমাত্ৰ শাসকীয় দলৰ বিধায়ক হোৱাৰ বাবেই তেওঁক আৰক্ষীয়ে থানালৈ মাতি পঠিয়াবলৈ সাহসো কৰা নাই। কিন্তু ইয়াৰ বিপৰীতে ধিঙৰ বিধায়ক আমিনুল ইছলামকে ধৰি অন্যান্য বহু বিতৰ্কিত লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। বিতৰ্কিত মন্তব্য কৰি আত্ম সন্তুষ্টি লাভ কৰি ভাল পোৱা বিধায়ক শিলাদিত্য দেৱে শেহতীয়াকৈ নিজৰ দলৰ একাংশ নেতাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰাত ৰাজনৈতিক মহলত ব্যাপক আলোড়ন সৃষ্টি কৰি আহিছে। তেওঁ কৰা বিস্ফোৰক অভিযোগ অনুসৰি, বিজেপিৰ একাংশ নেতা-পালিনেতা কয়লাকে ধৰি বিভিন্ন চিণ্ডিগেটত জৰিত হৈ আছে। আনকি, দলটোৰ এটা প্ৰভাৱশালী চক্ৰ‌ই এই চিণ্ডিগেট চক্ৰটোক ৰক্ষণাবেক্ষণ দি অহাৰো গুৰুতৰ অভিযোগ তোলা এইগৰাকী বিধায়কে অলপতে হোজাইলৈ গ্ৰামোন্নয়নৰ কামৰ পৰ্যবেক্ষণ কৰিবলৈ অহা গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেকো ৰেহাই দিয়া নাই। মন্ত্ৰী গৰাকীকো সমালোচনা কৰি সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি অহা এই জন বিধায়ক কাৰ আৰ্শীবাদত আবোল তাবোল মন্তব্য কৰিবলৈ সাহস পাইছে এই লৈ বিভিন্ন মহলত চৰ্চা লাভ কৰিছে। এইগৰাকী নেতাক নাকি লগাব পাৰিবনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এয়াই এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। ইপিনে, সমষ্টিবাসীৰ সৰ্বাঙ্গীন উন্নয়নত মন নিদি সততে বিতৰ্কিত মন্তব্য কৰা এই গৰাকী বিধায়কৰ ভৱিষ্যত এতিয়া কোন দিশে এই লৈয়ো সমষ্টিখনৰ ভোটাৰ ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে। তেওঁৰ বিতৰ্কিত মন্তব্য‌ই সমষ্টিবাসী মন জয় কৰিব পাৰিবনে  ? এই লৈয়ো ৰাজনৈতিক মহলত গুনাগথা চলিছে। অনাগত দিনত নিজৰ দলীয় শীৰ্ষ নেতৃত্ব‌ই তেওঁক কেনেদৰে গ্ৰহণ কৰে, সেয়াও পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ’ব।

Leave A Reply