Breaking

গ্ৰীষ্মকালত গৰমৰ পৰা সকাহ পাবলৈ ডায়েবেটিছ ৰোগীয়ে কি কি খাব…

0 42

ডায়েবেটিছ ৰোগীৰ শৰীৰৰ বাবে একেবাৰেই ভাল নহয়। এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগীক প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিয়ে ডাক্টৰে। আনহাতে গৰমত শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰ উপৰিও শৰীৰক শীতল কৰি ৰখাটোও অতি প্ৰয়োজনীয়। এনে ক্ষেত্ৰত বিভিন্ন ধৰণৰ পানীয়ৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। কিন্তু ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত চেনিযুক্ত পানীয় গ্ৰহণ কৰাটো উচিত নহয়।গ্ৰীষ্মকালত গৰমৰ পৰা সকাহ পাবলৈ ডায়েবেটিছ ৰোগীয়ে কি কি খাব জানো আহক-


গৰমৰ দিনত নিয়মিতভাৱে বটলত ভৰোৱা পানী খালে শৰীৰত পানীলগা হোৱাৰ সম্ভাৱনা কম হয়। পেট ঠাণ্ডা হয়। ডাব পানীয়ে শৰীৰত ছডিয়াম, পটাছিয়ামৰ ভাৰসাম্য ৰক্ষা কৰে। ইয়াৰ উপৰিও এই পানীত প্ৰচুৰ পৰিমাণে আঁহ, কেলচিয়াম আৰু মেগনেছিয়াম থাকে। ইয়াত কেলৰি কম থাকে। গতিকে ডায়েবেটিছ ৰোগীয়ে গৰমৰ দিনত ডাবৰ পানী খাব পাৰে। শৰীৰ শক্তিশালী হ’ব।

বেলৰ পানীত ফেৰ’নিয়া গাম নামৰ বিশেষ যৌগ থাকে, যিয়ে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। বেলত উপস্থিত থকা বিভিন্ন যৌগবোৰে অগ্নাশয়ত ইনচুলিন হৰম’নৰ নিঃসৰণ বৃদ্ধি কৰাত সহায় কৰে। গতিকে ডায়েবেটিছ ৰোগীয়ে গৰমৰ দিনত নিয়মিতভাৱে বেলৰ পানী খাব পাৰে।

নেমু-আদাৰ পানী, ডায়েবেটিছ ৰোগীৰ বাবে আদা অতি উপকাৰী। আদাই টাইপ-২ ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। ডায়েবেটিছ ৰোগত দৃষ্টিশক্তি হেৰুৱাই পেলায়। আদা খালেও সেই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। গতিকে গৰমৰ দিনত নেমু-আদাৰ পানী খাব পাৰে। কিন্তু চেনি নোহোৱাকৈ।


Leave A Reply