Breaking

আগন্তুক নিৰ্বাচনত কোন হ’ব তৃতীয় বিকল্প ? ‘কাকনো বুলিম ককা, সকলোৰে দাড়ি-চুলি পকা’

0 1,248

প্ৰাঞ্জল প্ৰতীম ডেকা

বতৰৰ বতৰা আগতীয়াকৈ দিব পাৰি যদিও নিৰ্বাচনৰ আগলি বতৰা দিয়াটো কিছু জটিল। তথাপিও আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত তৃতীয় বিকল্পৰ কথা চৰ্চিত হোৱাটো এক প্ৰকাৰৰ সময়ৰ আহ্বান। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপিত হয় যে- তৃতীয় বিকল্প কোন হ’ব? অজিৎ ভূঞাৰ নেতৃত্বত গঠিত আঞ্চলিক দলটো নে কাঠফুলাৰ দৰে গঠিত হোৱা আন কিবা ৰাজনৈতিক দল? শাসনাধিস্থ বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাব পাৰিবনে তৃতীয় বিকল্পই, সেয়াও এটা ডাঙৰ প্ৰশ্নবোধক! গতিকে, এটা কথা স্পষ্ট যে- যিমানেই তৃতীয় বিকল্পৰ কথা চৰ্চিত নহওঁক কিয়, আগন্তুক নিৰ্বাচনত তৃতীয় বিকল্পৰ সম্ভাৱনা অতি ক্ষীণ। কিয়নো-জনতাই আকোঁৱালি ল’ব পৰা তৃতীয় বিকল্পৰ এতিয়াও সৃষ্টিয়েই হোৱা নাই। তেনেস্থলত তৃতীয় বিকল্পৰ সম্ভাৱনাৰ কথা ভবাটোও অমূলক। আগন্তুক নিৰ্বাচনত তৃতীয় বিকল্পৰ সম্ভাৱনা থাকিলহেতেঁন, যদিহে অসম আৰু অসমীয়াৰ বৃহত্তৰ স্বাৰ্থত সকলো দল-সংগঠন ঐক্যবদ্ধ হৈ এটাই মাত্ৰ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিলেহেতেঁন। বাস্তৱত দেখা গৈছে-যাৰ মন গৈছে, সিয়েই পৃথকে পৃথকে ৰাজনৈতিক দল গঠন কৰিছে, কিন্তু অসমৰ ৰাইজে তৃতীয় বিকল্প বুলি ভাবিব পৰা বিধৰ সবল আৰু উপযুক্ত ৰাজনৈতিক দল এটাও নাই। গতিকে, স্পষ্ট হয় যে-আগন্তুক নিৰ্বাচনত আকৌ বিজেপিয়েই বিজয়ৰ ধ্বজা উৰুওৱাবলৈ সক্ষম হ’ব। সকলো দল-সংগঠনলৈ আহ্বান-অন্তত: অসম আৰু অসমীয়াৰ বৃহত্তৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে সকলোৱে মিলি এটাই মাত্ৰ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰক, যি হ’ব পাৰে অসম বিৰোধী দলবোৰৰ বিপৰীতে সঠিক বিকল্প। নি:সন্দেহে ক’ব পাৰি-সঠিক বিকল্পক আকোঁৱালি ল’বলৈ অসমৰ ৰাইজেও সংকল্প ল’ব।

Leave A Reply