Breaking

হোৱাটছএপৰ ডাটা লিক হোৱাৰ অভিযোগ সমূলি নস্যাৎ কৰিছে হোৱাটছএপে…

0 51

হোৱাটছএপ ব্যৱহাৰকাৰীৰ তথ্য লিক হোৱাৰ খবৰে এতিয়া বিশ্বক জোকাৰিছে। এনে সময়তে হোৱাটছএপৰ ডাটা লিক হোৱাৰ অভিযোগ সমূলি নস্যাৎ কৰিছে হোৱাটছএপে। হোৱাটছএপে কৈছে যে চাৰ্ভাৰৰ পৰা কোনো ডাটা লিক হোৱা না আৰু এইক্ষেত্ৰত কোনেও শংকিত হ’ব নালাগে। হোৱাটছএপে কয় যে ‘ডাটা লিক’ ৰ কোনো প্ৰমাণ এতিয়ালৈকে পোৱা হোৱা নাই।

উল্লেখ্য প্ৰায় ৪০৮ কোটি হোৱাটছএপ ব্যৱহাৰকাৰীৰ ফোন নম্বৰ অনলাইনত বিক্ৰী কৰা হৈছে বুলি শেহতীয়াকৈ প্ৰকাশ পাইছে। ধাৰণা কৰা হৈছে যে এইটোৱে এতিয়ালৈকে আটাইতকৈ ডাঙৰ তথ্য উলংঘনৰ ঘটনা।


চাইবাৰ নিউজৰ এক প্ৰতিবেদন অনুসৰি, এটা হেকিং কমিউনিটি ফ’ৰামত এটা বিজ্ঞাপন পোষ্ট কৰি এজনে দাবী কৰিছে যে তেওঁ ২০২২ চনত ৪৮৭ নিযুত হোৱাটছএপ ব্যৱহাৰকাৰীৰ মোবাইল নম্বৰৰ ডাটাবেচ বিক্ৰী কৰিছে। ডাটাবেচটোত ৮৪ খন বিভিন্ন দেশৰ হোৱাটছএপ ব্যৱহাৰকাৰীৰ মোবাইল নম্বৰ আছে য’ত আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ইজিপ্ত, ইটালী, চৌদি আৰৱ আৰু আনকি ভাৰতৰো বিভিন্ন নম্বৰ অন্তৰ্ভুক্ত আছে।

Leave A Reply