Breaking

ৰাইজৰ গাঠিৰ ধন ভাঙি মেৰামতি কৰিলে বাকচুৰ বিধ্বস্ত মথাউৰি।

0 1,046

নাজিৰা : অসম চৰকাৰৰ জনসম্পদ বিভাগৰ অকমন্যতা আৰু গুৰুত্ব হীনতাৰ বাবেই শিৱসাগৰ জিলাৰ বৃহত্তৰ বাকচুবাসী জনগণে বছৰ বছৰ ধৰি বিধ্বস্ত দিচাং নদীৰ মথাউৰিয়ে দি যাতায়ত কৰাত যমৰ-যাতনা ভুগিবলগা হৈছে। ৰাইজে চৰকাৰী কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰিও কোনো সহাৰি নোপোৱাত অৱশেষত স্থানীয় সচেতন ৰাইজে নিজৰ গাঠিৰ ধন আৰু পৰিশ্ৰমেৰে দিচাঙৰ বাকচু মথাউৰি মেৰামতিৰ বাবে নামি পৰে। শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ চেঙেলীবাৰীৰ পৰা চেপন-চূণপোৰা সংযোগী দিচাঙৰ বাকচু মথাউৰিটোৱেই হৈছে অঞ্চলটোৰ প্ৰায় ১২ খন ৰাজহ গাঁৱৰ যাতায়তৰ একমাত্ৰ প্ৰধান পথ। প্ৰায় ৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ এই মথাউৰিটো বছৰ বছৰ ধৰি বাৰিষাৰ সময়ত ৰাইজক দুৰ্ভোগ ভোগাই আহিছে । কিন্তু চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ অথবা স্থানীয় জনপ্ৰতিনিধিয়ে হওঁক কোনোৱে গুৰুত্ব নিদিয়াত ৰাইজ ক্ষুদ্ধ হৈ পৰিছে। উল্লেখযোগ্য যে, বৃহত্তৰ বাকচু অঞ্চলৰ এই বাৰখন গাঁৱৰ উপৰি তিনিখনকৈ সত্ৰ, ভালেকেইখন শিক্ষানুষ্ঠানৰ লগতে স্থানীয় ৰাইজৰ যাতায়তৰ মূল পথ হিচাপে এই বাকচু মথাউৰিটোকে ব্যৱহাৰ কৰাৰ বাদে অন্য গত্যন্তৰ নথকাত ৰাইজৰ শ্ৰমদানেৰে ইতিপূৰ্বে কেইবাবাৰো এই বিধ্বস্ত মথাউৰিটো যাতায়তৰ উপযোগী কৰি তুলিছিল যদিও এতিয়া ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ মথাউৰিটো যাতায়তৰ অনুপযোগী হৈ পৰাত স্থানীয় যুৱকৰ প্ৰচেষ্টত ৰাইজৰ দান-বৰঙণি আৰু শ্ৰমৰ দ্বাৰা সদ্যহতে মথাউৰিটো যাতায়তৰ উপযোগী কৰি তোলে। ইফালে যাতায়তৰ ক্ষেত্ৰত বিকল্প পথ নথকাৰ বাবে স্থানীয় ৰাইজে বিভাগীয় মন্ত্ৰী আৰু যোৰহাট সংসদীয় সমষ্টিৰ সাংসদকো মথাউৰিটো মেৰামতিৰ বাবে আবেদন জনাইছিল যদিও আজিকোপতি কোনো সুফল নাপালে। যাৰ বাবে স্থানীয় যুৱ সমাজকৰ্মী ৰঞ্জন মহন্ত, সৰ্বানন্দ গায়ন, দেৱাশীষ বৰা, মহেন্দ্ৰ বৰা, দিলীপ বৰা, জগত মহন্ত, মোহন বৰা আদিৰ নেৰ্তৃত্বত অৰ্ধশতাধিক স্থানীয় পুৰুষ, মহিলাই শ্ৰমদানেৰে মথাউৰিটোত যাতায়তৰ কিছু উপযোগী কৰি তোলে।

Leave A Reply