Breaking

অখিল গগৈৰ মুক্তি কেতিয়া ?

0 1,364

আকাশ হাজৰিকা

আজিৰ দিনত সকলো দেশপ্ৰেমিক অসমীয়াৰ মনত এটাই প্ৰশ্ন যে অখিল গগৈৰ মুক্তি কেতিয়া ? মুক্তিৰ দিনটোলৈ সকলোৰে উৎকণ্ঠা। কিন্তু চৰকাৰ এই বিষয়ত যেন চকু মুদা কুলিৰ ভাৱত। এটাৰ পাছত আনটো গোচৰ জাপি দি অখিলৰ ওপৰত কৰা অন্যায়, অত্যাচাৰ আৰু কিমান দিনলৈ চলিব ? কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা তথা অসমৰ ইতিহাসৰ এজন সৰ্বকালৰ গুৰুত্বপূৰ্ণ সংগ্ৰামী নেতা অখিল গগৈ কাৰাৰুদ্ধ হোৱাৰ ৯ মাহ অতিক্ৰম কৰিলে। যোৱা ২০১৯ চনৰ ১২ ডিচেম্বৰৰ পৰা তেওঁ কাৰাবন্দী হৈ আছে। আমাৰ জাতীয় জীৱনত বিদেশী আৰু বহিৰাগতৰ দপদপনি আমি কেতিয়াও নিবিচাৰোঁ। সেয়ে অসমত এনে কোনো দেশপ্ৰেমিক অসমীয়া নাই যিয়ে ‘কা’ বিৰোধিতাৰে এবাৰলৈ হ’লেও নিজা ধৰণে প্ৰতিবাদ কৰা নাই। তেন্তে কেৱল জননেতা অখিল গগৈৰ ওপৰতে এই শাস্তি কিয় বিহা হ’ল? তেওঁক ইমান দিনে জেলত বন্দী কৰি থোৱাৰ কাৰণটো কি? ‘কা’ বিৰোধী সংগ্ৰামত অংশগ্ৰহণ কৰাই তেওঁৰ অপৰাধ আছিল নেকি? অসমত আমি আজিলৈকে এনেকুৱা এজন জননেতা পোৱা নাই যিয়ে অখিল গগৈৰ দৰে অসমীয়া জাতি আৰু অসমৰ জনগণৰ সকলো বিপদৰ সময়তে ৰাইজৰ হৈ জনগণৰ শত্ৰুৰ বিৰুদ্ধে ঠিয় দিছে। অখিল গগৈ এপিএছচিৰ দুৰ্নীতি, নদীবান্ধৰ দৰে দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে মাত মাতি আহিছে। তেওঁ জেলৰ বাহিৰত থাকোতে যেতিয়া চৰকাৰে ট’লগেট স্থাপন কৰি ৰাইজৰ পৰা লুন্ঠন কৰিবলৈ আগবাঢ়িছিল তেতিয়া তেওঁৰ প্ৰতিবাদী কণ্ঠত চৰকাৰে হাৰ মনা কথাটো প্ৰতিজন অসমীয়াৰ আজিও মনত আছে। তেওঁ আজি এটাৰ পাছত আনটো বেমাৰত আক্ৰান্ত হৈ তিল তিলকৈ বন্দীত্বৰ দিন কটাইছে। কেইদিনমান পূৰ্বে অখিল গগৈ জেলৰ পৰাই অসমৰ সকলো জাতীয় দল-সংগঠনক আহ্বান কৰি এটাই ঐক্যবদ্ধ শক্তিশালী আঞ্চলিক দল গঠন কৰাৰ প্ৰস্তাৱ দিছে যাতে সামাজিক ক্ষতি সাধন কৰা তথা অসমীয়া ৰাইজৰ দুখ-দুৰ্দশা উপলব্ধি কৰিব নোৱৰা চৰকাৰখনক নিৰ্বাচনত সহজতে প্ৰতিহত কৰিব পাৰি। তেনে স্থলত শাসনাধিষ্ঠ চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবেই নিৰ্বাচন পৰ্যন্ত অখিল গগৈক বন্দী কৰি ৰখাৰ কু-অভিসন্ধি ৰচনা কৰিছে নেকি? পাৰিলে অভি-নীল, সনাতন ডেকাহঁতৰ দৰে নিৰীহৰ হত্যাকাৰীক তৎকালীনভাৱে ফাঁচী দিয়াৰ ব্যৱস্থা কৰক। ইফালে শাসকীয় দলৰে উচতনিমূলক মন্তব্য দিয়া মৃণাল শইকীয়া, সত্যৰঞ্জন বৰাহঁতৰ দৰে এটাৰ পাছত আনটো সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা কেইজনৰ ওপৰত বিহিত ব্যৱস্থা নলয় কিয় চৰকাৰে? নে চৰকাৰী পক্ষৰ লোকৰ বাবে আইনখন বেলেগ নেকি? চৰকাৰে এনেকৈ এজন নিৰ্দোষীক দোষী সজাবলৈ চেষ্টা কৰি সহজতে নিৰ্বাচনত জয়ী হ’ম বুলি ভাবিছে নেকি? এনে অৱস্থাত সকলো খিলঞ্জীয়া অসমীয়াই অখিল গগৈৰ মুক্তিৰ বাবে মাত মতাটো অতি গুৰুত্বপূৰ্ণ আৰু লগতে অখিল গগৈক আইনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে আমি সকলোৱে যিমান পাৰো সিমান আৰ্থিক সহায় আগবঢ়োৱা উচিত যাতে অহা নিৰ্বাচনত আমি এই জাতিদ্ৰোহী শাসনাধিষ্ঠ চৰকাৰখনক সহজে ওফৰাই পেলাব পাৰোঁ।

Leave A Reply