Breaking

কেতিয়া ৰজাঘৰীয়া সকলে মন কৰিব ?

0 1,322

চন্দন কুমাৰ নাথ

প্রতিবছৰে অসমৰ বানপানীয়ে লাখ লাখ লোকৰ সুখৰ সংসাৰ ভাঙি পেলোৱাৰ লগতে শ শ লোক মৃত্যুৰ মুখত পৰে। এইবাৰৰ পৰিস্থিতি অইন বছৰতকৈ দুগুণ ভয়ানক কিয়নো অসমৰ জ্বলন্ত সমস্যা বানপানীৰ লগতে ক’ভিড-১৯ মহামাৰীয়েও ৰাজ্যত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অসমৰ বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় প্রেক্ষাপটত প্রদর্শিত তথা প্রকাশ নোহোৱাৰ কথা নতুন নহয় আগৰে পৰাই অসমৰ বানপানীৰ সমস্যা দিল্লী কিম্বা ৰাষ্ট্রীয় প্রেক্ষাপট কমকৈ উত্থাপিত হয়। কেতিয়াবা টিভি চেনেলৰ বাতৰিত কেৱল দেখা পাও যে কেন্দ্রৰ পৰা অসমৰ বানপানীৰ বিষয়ে টেলিফোনিক বার্তালাপ হৈছে সেয়া কিমান দূৰ সত্য নাজানো। অসমৰ বাদে ভাৰতৰ অন্য ৰাজ্যৰ বানপানীৰ ক্ষেত্রত যিমানখিনি দিল্লী তথা কেন্দ্রৰ পৰা গুৰুত্ব আৰোপ কৰে, সেইবোৰ ৰাজ্যৰ তুলনাত অসমৰ বানপানী কোনো প্রকাৰেই কম নহয়। এতিয়া আহো আমাৰ আপোন চৰকাৰৰ প্রসংগলৈ, জাতি মাটি, ভেটিৰ চৰকাৰখনে যেন নিজৰ আপোন মাটিৰ মানুহকেই পাহৰিলে। এইটো ঠিক যে ক’ৰণাতংকৰ ফলত অসম চৰকাৰে কিছুমান সমস্যা সমাধান কৰিবলৈ ব্যর্থ হৈছে কিন্তু জ্বলন্ত সমস্যা বানপানীৰ হকে কিবা এটা পদক্ষেপ গ্রহণ কৰাটো দৰকাৰ। কিয়নো আমি জন্মকালৰে পৰা অসমত বানপানীৰ সন্ত্রাস তথা সংহাৰী ৰূপ দেখি আহিছো আৰু আমাতকৈ  আগৰে পৰাই তেওঁলোকে নিজৰ দৃষ্টিৰে দেখি আহিছে তাত কোনো সন্দেহ নাই। কিন্তু তাৰ পিছতো কিয় কোনো গুৰুত্ব নাই সেইটোহে ভাবি পোৱা নাই। প্রতিবছৰে অসম চৰকাৰে বানপানীৰ বাবে CM Relief Fund যোগে কোটি কোটি টকাৰ সাহায্য পোৱাৰ পিছতো কিয় কোনো সমস্যা সমাধানৰ সূত্রপাত ঘটা নাই। বৰপেটা জিলাৰ অন্তৰ্গত বহু ঠাই এতিয়া বানপানীৰ কৱলত। হাউলীৰ পৰা বৰপেটা টাউনলৈ যোৱা পথৰ চাৰিওফালে কেৱল সংহাৰী বানৰ তাণ্ডব, বানপানীয়ে ঘৰ-দুৱাৰ ডুবাই পেলোৱা সাধাৰণ জনতাৰ একমাত্র আশ্রয় কেন্দ্র হৈছে গাড়ী অহা যোৱা কৰা মুখ্য পথটো,  তাতেই সমান্তৰালভাৱে পোহনীয়া জীৱ-জন্তু ৰখা হৈছে। কিমান ভয়াৱহ তথা দুখৰ হ’ব পাৰে এই দৃশ্য এতিয়া আপোনালোকেই বিচাৰ কৰি চাওঁক, কিন্তু প্রতি বছৰে হোৱা এই দুর্দশা ৰজাঘৰীয়া সকলৰ মাজত এতিয়াও গৈ নোপোৱাত আমি মর্মাহত।  এইটো সত্য যে বানপানী হৈছে এটা প্রাকৃতিক দুর্যোগ আৰু ই প্রতিবছৰে আহিবয়েই, কিন্তু এই দুর্যোগ অহাৰ আগতেই কিয় আমাৰ চৰকাৰখনে সাজু নহয়?  ইতিমধ্যে বানপানীৰ সমস্যাৰ সন্মুখীন হোৱা আমাৰ খেতিয়কসকলে মূৰে-কঁপালে হাত দিছে আৰু বহুতেই নিজৰ কষ্টৰ খেতিৰ ধ্বংসাত্মক ৰূপ দেখি আত্মহত্যা কৰাৰ খৱৰো আমি পাই আহিছো। কিন্তু সকলোবোৰ দেখাৰ পিছতো কিয় নিমাত ৰজাঘৰীয়া সকলে? যিহেতু বানপানী এতিয়া আমাৰ বাবে আশীর্বাদ হৈ থকা নাই, সেয়েহে ইয়াৰ এক দীর্ঘম্যাদি  সমাধানৰ প্রয়োজন হৈ পৰিছে। ইতিমধ্যে ভাৰতৰ বাহিৰৰ বহু কেইখন দেশেই বানপানীৰ সমস্যাৰ সমাধান উলিওৱাটো পৰিলক্ষিত হৈছে। আমাৰ চৰকাৰখনেওঁ ইয়াৰ সমাধানৰ বাবে ব্রহ্মপুত্রৰ চৰিত্ৰ অধ্যয়ন কৰিব লাগিব। কেৱল অইন ৰাজ্য লগত ফেৰ মাৰিবলৈ অমুক-তমুক আঁচনি প্রস্তুত কৰিলেই নহ’ব, ইয়াক বাস্তৱত ৰূপায়িত কৰাৰ নিমিত্তে কামো কৰিব লাগিব। সেয়েহে কথাৰে নহয়, কামেৰে চৰকাৰখনে নিজৰ সফলতাৰ পৰিচয় দিলে অসমবাসী হিচাপে নঠৈ আনন্দিত হ’ম।

Leave A Reply