Breaking

মানুহে ম’হেই মাৰি শেষ কৰিব পৰা নাই ভাইৰাছ ক’ত মাৰিব পাৰিব : শিলাদিত্য দেৱ

0 146

লংকা 

যমুনামুখৰ বহিঃৰাজ্যৰ মানুহ হোজাইত ৰখাটোক লৈ অসন্তুষ্টি বিধায়ক শিলাদিত্যৰ ৷ ম‌ই অনুমতি নিদিও ডৱকা আৰু যমুনামূখৰ মানুহখিনি হোজাইত আনি সোমোৱাই দিয়াটো। বিধায়ক শিলাদিত্য‌ই আজি হোজাই চহৰত থকা কোৱাৰেণ্টাইন শিবিৰ পৰ্যবেক্ষণ কৰি সাংবাদিকৰ লগত হোৱা  এক আছুতীয়া সাক্ষাৎকাৰত মন্তব্য প্ৰকাশ কৰে যে বহিঃৰাজ্যৰ পৰা মানুহ অহা আৰম্ভ হৈছে৷ যেতিয়া হোজাইৰ কথা আহে, হোজাইৰ সমষ্টি নামো হোজাই, হোজাই জিলাৰ নামো হোজাই, তেতিয়া কোনোৱাই ক’ৰ বুলি সুধিলে  সাধাৰণতে হোজাই বুলি কয়। তেতিয়া সকলো মানুহক হোজাইলৈ লয় অনা হয়। সেই কাৰণে ভিৰটো হোজাই চহৰে বেছিকৈ ল’ব লগা হৈছে। হোজাই চহৰৰ অধিকাংশ হোটেল বজাৰৰ মাজত। এই ক্ষেত্ৰত বজাৰৰ মানুহে অলমমান অসন্তুষ্টিও প্ৰকাশ কৰি আছে৷ ঘৰৰ ওচৰৰ মানুহক ঘৰৰ কাষতেই কোৱাৰেণ্টাইন কৰিব লাগে অন্ততঃ তেওঁলোকে মনত সন্তোষ্ঠি পাই থাকিব। গোটেই মানুহখিনি যদি হোজাইত অনাত লৈ অসন্তুষ্টি প্ৰকাশ বিধায়ক গৰাকীৰ৷  গ্ৰুপ হিচাপে অহা সকলক এটা ঠাইত দি দিলেই হ’ল। তেওঁ আৰু কয় যে  মানৱ জাতি জন্ম লোৱাৰ পৰা আমি মহৰ কামোৰ খাই জীয়াই আছো৷ মানুহে ম’হেই মাৰিব পৰা নাই যেতিয়া ক’ত ভাইৰাছ মাৰিব পাৰিব। সেইকাৰণে আমি ভাইৰাছৰ লগত জীয়াব থাকিব লাগিব৷ সংগ্ৰাম কৰি জীয়াব লাগিব।  মোৰ পৰামৰ্শ হ’ল যে অতি সোনকালে নিৰ্জান ঠাইত থকা কোৱাৰেণ্টাইন চেণ্টাৰত বহিঃৰাজ্যৰ মানুহ ৰাখিব লাগে। কাৰণ অন্ততঃ বজাৰখন বাছিব। বহিঃৰাজ্যৰ পৰা অহা মানুহ সমষ্টি অনুসৰি ভাগ কৰিব লাগে। যমুনামূখৰ মানুহ হোজাইত ৰখাক লৈ অসন্তুষ্টি প্ৰকাশ বিধায়ক শিলাদিত্যৰ। বৰ্তমানটো হোজাইৰ অসমৰ দ্বিতীয় ক’ৰোনা পজিটিভৰ সংখ্যা ভিত্তিত দ্বিতীয়ত স্হান আছে৷ কিন্তু যমুনামূখৰ বহিঃৰাজ্যত থকা মানুহখিনি আহিলেতো হোজাই অসমৰ প্ৰথম স্হান আহি পৰিব পাৰে। ম‌ই অনুমতি নিদিও ডৱকা আৰু যমুনামুখৰ বহিঃৰাজ্যৰ মানুহখিনি হোজাইত আনি সোমোৱাই দিয়াতো৷

Leave A Reply