Breaking

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা ক’ত ক’ত নাপাব সুৰা আৰু মাংস…

0 26

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা কোন কোন ৰাজ্যত সুৰা আৰু মাংস বিক্ৰী নিষিদ্ধ কৰা হ’ব জানেনে? ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা যাবহু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সম্পূৰ্ণ দিন বা আধা দিনৰ ছুটী ঘোষণা কৰিছে। আপোনালোকক কওঁ যে ২২ জানুৱাৰী অৰ্থাৎ সোমবাৰে অযোধ্যাৰ ৰামজন্মভূমিত নিৰ্মিত শ্ৰীৰাম মন্দিৰত ৰামলালাৰ স্থাপন কৰা হ’ব। এই ঐতিহাসিক অনুষ্ঠানৰ বাবে মহাৰাষ্ট্ৰ, চণ্ডীগড়, পুডুচেৰীয়ে ২২ জানুৱাৰীত গোটেই দিনটোৰ বাবে চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে। ইয়াৰ উপৰিও ২২ জানুৱাৰীত গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান, ত্ৰিপুৰা আৰু হাৰিয়ানাত কাৰ্যালয় আৰু প্ৰতিষ্ঠানসমূহ আধা দিন বন্ধ থাকিব। দুপৰীয়া ২:৩০ বজাৰ পৰা বিয়লি ৫ বজালৈহে খোলা থাকিব কাৰ্যালয়।

প্ৰাণ প্ৰতিষ্ঠাৰ শুভ উপলক্ষে পৰিৱেশ নিৰ্মল কৰি ৰাখিবলৈ বহু ৰাজ্যই ড্ৰাই ডে ঘোষণা কৰিছে আৰু ২২ জানুৱাৰীত মাংস বিক্ৰী নিষিদ্ধ কৰা হৈছে। ২২ জানুৱাৰীত ইউ পি, গোৱা, ছত্তীশগড়, ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, অসমত কোনো ধৰণৰ সুৰা বিক্ৰী নহ’ব।

Leave A Reply