Breaking

চিনেমাতেই হওক বা বাস্তৱতেই হওক, ৫০ বছৰৰ পিছত মাতৃ হোৱাটো সম্ভৱ! বয়সত গৰ্ভধাৰণৰ উপায় কি কি…

0 6,409

৫০ বছৰ বয়সৰ পিছত মাতৃ হোৱাটো সহজ নহয়। এটা নিৰ্দিষ্ট বয়সৰ পিছত স্বাভাৱিক পদ্ধতিৰে চিৰন্তন আনন্দ লাভ কৰাটো সম্ভৱ নহয়। কিন্তু এনে নহয় যে আশাৰ পোহৰ নাথাকে। এনে অসম্ভৱ প্ৰচেষ্টাৰ উদাহৰণো আছে। এটা পুত্ৰ সন্তান জন্ম দিলে এগৰাকী ৫০ বছৰীয়া মহিলাই। প্রয়াত পঞ্জাবি গায়ক সিধুৰ মাতৃয়ে জন্ম দিলে এটি পুত্ৰ সন্তান। পুত্ৰৰ মৃত্যুৰ দুবছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে মাতৃ হৈ পৰিল সিধুৰ মাতৃ। দেওবাৰে পুৱা এটা পুত্ৰ সন্তান জন্ম দিলে সিধুৰ মাতৃ চৰণে সিঙে। ৫৫ বছৰ বয়সত মাতৃ হোৱাৰ খবৰে চৰ্চা লাভ কৰিছে দেশতে।


স্বাভাৱিকভাৱে গৰ্ভধাৰণ কৰিবলৈ মহিলাৰ এটা নিৰ্দিষ্ট বয়স থাকে। এবাৰ ঋতুস্ৰাৱ বন্ধ হ’লে সন্তান গৰ্ভধাৰণৰ কোনো সম্ভাৱনা নাথাকে। ছোৱালীৰ ঋতুস্ৰাৱৰ এটা নিৰ্দিষ্ট সময় থাকে। ১৩-১৪ বছৰ বয়সৰ পৰা আৰম্ভ কৰি ৪০-৪৫ বছৰলৈকে ঋতুস্ৰাৱ চলি থাকে বুলি কোৱা হয়। ৫০ বছৰৰ কথা পাহৰি যাওক, ৩৫ বছৰৰ পিছত সন্তান জন্ম দিয়াটো যথেষ্ট ৰিস্কি হৈ পৰে।

চিকিৎসকে কয় যে এই বয়সত প্ৰজননত সহায়ক হৰম’নৰ মাত্ৰা কমি যায়। গতিকে স্বাভাৱিক পদ্ধতিৰে সন্তান গৰ্ভধাৰণ কৰাটো সম্ভৱ নহয়। কিন্তু আইভিএফ পদ্ধতিৰ দ্বাৰা সন্তান জন্ম দিয়াৰ সপোন পূৰণ কৰিব পাৰি।

৫০ বছৰৰ পিছত মাতৃ হোৱাৰ কিছু আশংকা থাকে। বহু ক্ষেত্ৰত অনিচ্ছাকৃত গৰ্ভপাতৰ দৰে ঘটনা সংঘটিত হয়। ডায়েবেটিছৰ সমস্যা দেখা দিব পাৰে। প্ৰি-এক্লেম্পচিয়াত গৰ্ভাৱস্থাত ৰক্তচাপৰ মাত্ৰা বৃদ্ধি পাব পাৰে। যাৰ ফলত কেতিয়াবা প্ৰাণ হেৰুৱাবগীয়াও হ’ব পাৰে।

Leave A Reply