Breaking

চমকিত হোৱাইট হাউছ : আধুনিক যুগৰ ‘শ্ৰৱণ কুমাৰ’ক প্ৰশংসা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ দুহিতা ইভাংকাৰ

0 66

আধুনিক যুগৰ শ্ৰৱণ কুমাৰ হিচাপে বিশ্বজুৰি চৰ্চা লাভ কৰিছে তেওঁ৷ নাম জ্যোতি কুমাৰী৷ মানসিক শক্তি আৰু অদম্য সাহসৰ এক নতুন পৰিভাষা৷ লকডাউনে জন-জীৱন বিধ্বস্ত কৰাৰ সময়তে এক ইতিবাচক খবৰ হৈ পৰিছে জ্যোতি কুমাৰী। অসুস্থ পিতৃক ১২০০ কিঃমিঃ চাইকেলত উঠাই স্ব-গৃহত উপস্থিত হোৱা জ্যোতি কুমাৰী এতিয়া ছ’চিয়েল মিডিয়াৰ অন্যতম চাঞ্চল্য৷ গুৰুগ্ৰামৰ পৰা বিহাৰলৈ ১২০০ কিঃমিঃ চাইকেলেৰে পিতৃক লৈ আনি সাত দিনৰ মুৰত ঘৰত সু-শৰীৰে উপস্থিত কৰোৱাৰ বাবে জ্যোতি এতিয়া সকলোৰে প্ৰশংসাৰ পাত্ৰ। জ্যোতিৰ এই ধৰ্য, সহ্য আৰু পিতৃ স্নেহৰ বাবে তেওঁ আধুনিক যুগৰ শ্ৰৱণ কুমাৰ হিচাপে পৰিচিত হৈছে ৷  জ্যোতিৰ পিতৃ প্ৰেমৰ অতুলনীয় কাহিনী ভাৰততে সীমাবদ্ধ নাথাকিল৷ পালেগৈ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ আমেৰিকা৷ এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতিৰ বাসভৱন হোৱাইট হাউছতো জ্যোতিৰ চৰ্চা৷  আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ দুহিতা ইভাংকা ট্ৰাম্পকো অনুপ্ৰাণিত কৰিছে জ্যোতিয়ে। ছ’চিয়েল মিডিয়াত জ্যোতিৰ শক্তি, সাহস আৰু পিতৃপ্ৰেমক ভূয়সী প্ৰশংসা কৰে ট্ৰাম্প কন্যাই৷ জ্যোতিৰ এই খবৰ সকলোতে চৰ্চা হৈ থকাৰ সময়তে জ্যোতি কুমাৰীক চাইকেল অনুশীলনৰ বাবে আমন্ত্ৰণ জনাইছে ভাৰতীয় চাইক্লিং ফেডাৰেশ্যনে। ভাৰতীয় চাইক্লিং ফেডাৰেশ্যনৰ এই সিদ্ধান্তকো ইভাংকাই প্ৰশংসা কৰে৷ ইপিনে অসম চাইক্লিং সন্থাৰ সম্পাদক ড° তপন দাসে ফেডাৰেশ্যনৰ এই তৎপৰতাক আদৰণী জনোৱাৰ লগতে জ্যোতি কুমাৰীৰ পিতৃ স্নেহক প্ৰশংসা কৰে। ইফালে জ্যোতি কুমাৰীক সকলো ধৰনৰ সহায় সহযোগিতাৰ বাবে ব্যবস্থা অব্যাহত ৰাখিছে ড° তপন দাসে।

Leave A Reply