Breaking

শূন্য ফলাফলৰ বাবে দায়ী কোন ?

0 973

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

যোৱা ৬ জুনত ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ সোতৰখন বিদ্যালয়ৰ পৰা এজনো শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে৷ চৰকাৰী খণ্ডৰ এই বিদ্যালয় কেইখন বন্ধ কৰিবলৈ চৰকাৰ আগবাঢ়িছে৷  শেহতীয়াকৈ এইদৰে বন্ধ কৰিবলৈ লোৱা বিদ্যালয়ৰ সংখ্যাটো সাতাইশলৈ বৃদ্ধি হোৱা বুলিও বাতৰিত প্ৰকাশ৷  কেউখন বিদ্যালয়ৰ শিক্ষকক বাসত্তৰ ঘণ্টাৰ ভিতৰত বদলি কৰিবলৈ নিৰ্দেশ দিছে শিক্ষা বিভাগে৷ তাত আমাৰ ক’বলগা একো নাই৷ আমাৰ কথা হ’ল উক্ত বিদ্যালয় কেইখন যিকেইটা জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ অন্তৰ্গত সেই কাৰ্যালয় কেইটাৰ বিষয়া সহিতে সকলো কৰ্মচাৰীকো বদলি কৰাতো ইয়াতকৈ বেছি জৰুৰী৷ অসমৰ বহু বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ কুকীৰ্তি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজে পাই আহিছে৷ তেনে কুকীৰ্তিৰ প্ৰমাণ বিভাগৰ হাততো বোধহয় আছে৷ আমি ক’ব খুজিছোঁ যে একাংশ শিক্ষক বিশেষকৈ বিদ্যালয় প্ৰধানে আইএচক আলপৈচান ধৰিয়েই বছৰটোৰ সৰহখিনি সময় পাৰ কৰে বা কৰিবলৈ বাধ্য হয়৷ তেনে প্ৰধান শিক্ষকৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি দায়িত্ব গৌণ হৈ পৰে৷ বিএডৰ ছিটৰ বাবে পৰিদৰ্শকৰ কাৰ্যালয়ে দহ-বাৰ হাজাৰ শিক্ষকৰ পৰা বিছৰা কথাটো বি এড কৰিব খোজা শিক্ষকসকলে জানে৷ কোনো কোনো বিদ্যালয়ৰ প্ৰধান শিক্ষকক আইএচৰ কাৰ্যালয়ৰ একোজন নিম্ন বৰ্গৰ সহায়কে ’তই’ সম্বোধন কৰা আৰু প্ৰধান শিক্ষকজনে কেৰানী জনক ’ছাৰ সম্বোধন’ কৰিবলৈ বাধ্য হোৱা ঘটনা এইখন অসমতে ঘটিছে৷ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ খেলিমেলিৰ বাবেও একাংশ পৰিদৰ্শকৰ কাৰ্যালয় বিদ্যালয় প্ৰধানৰ সমানে জগৰীয়া৷ তদুপৰি বিদ্যালয় এখন কিদৰে চলিছে সেয়া খবৰ ৰখাৰ দ্বায়িত্ব আইএচগৰাকীৰ নহয় জানো?  মুঠতে হাইস্কুল এখনৰ সকলো বেয়া অৱস্থাৰ বাবে বিদ্যালয় প্ৰধানৰ লগতে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয় সমানে জগৰীয়া বুলি আমি বিবেচনা কৰোঁ৷ বিদ্যালয় একত্ৰীকৰণৰ বেলিকা একাংশ বিদ্যালয় পৰিদৰ্শকে চূড়ান্ত অনিয়মৰ পৰিচয় দি থৈছে৷ গতিকে শিক্ষামন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত জিলা বিদ্যালয় পৰিদৰ্শকৰ  কাৰ্যালয়কো সাঙুৰি ল’লেহে অধিক ফলপ্ৰসু হ’ব বুলি আমি  ক’ব খুজোঁ৷ নহ’লে বাৰে বাৰে ৰৌ-বৰালি সাৰি যাব আৰু পুঠি-খলিহনাতে আমি সন্তুষ্টি লভিব লাগিব৷ আনহাতে একোখন বিদ্যালয় বন্ধ হৈ যোৱা মানে একোটা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী যুগ যুগ ধৰি সমস্যাত পৰা৷ চৰকাৰে বিদ্যালয় কেইখন বন্ধ নকৰি সম্পূৰ্ণ নতুন ষ্টাৰ্ফ বদলি কৰি আনি চলাই নিয়াৰ ব্যৱস্থা কৰাটোহে যুগুত হ’ব যেন লাগে৷ একেই পন্থা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ ষ্টাৰ্ফৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পৰিলেহে সমস্যাটোৰ স্থায়ী সমাধান হ’ব আৰু সকলো মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়লৈ লাহে লাহে সুদিন ঘূৰি আহিব বুলি আশা কৰিব পাৰি৷

Leave A Reply