Breaking

বিভেদৰ জুই কোনে ছটিয়াই ?

0 1,544

পুলিন শইকীয়া

অসমৰ ৰাজনীতিত যেন আজি মূল্যবোধৰ স্থান নাই ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধী প্ৰতিটো দলৰ সৰু-বৰ সকলো নেতাৰ মুখে মুখে আজমলৰ নাম বৰকৈ শুনিবলৈ পোৱা গৈছে ৷ সদাচাৰী ভকতৰ মুখত সকলো সময়তে কৃষ্ণ নাম শুনিবলৈ পোৱা দৰে একাংশ ৰাজনীতিকৰ মুখত কেৱল আজমলৰ নাম ৷ তেওঁবিলাকৰ কাৰণে আজমল যেন ভগৱান ৷ আজমলৰ পৰিবৰ্তে তেওঁলোকে যদি ভগৱানৰ নাম লৈ নিজ নিজ এলেকাত চৰকাৰী আঁচনিবোৰ সফলভাৱে ৰূপায়িত হোৱাত কিছু নজৰ দিলেহেঁতেন তেতিয়াহ’লে ৰাইজৰ কৰ-কাটলৰ প্ৰতিটো টকাৰ সদ্ব্যৱহাৰ হোৱাৰ লগতে এচাম দৰিদ্ৰ লোক চৰকাৰী আঁচনিৰ পৰা সদায় বঞ্চিত হৈ থাকিব নালাগিলহেঁতেন ৷ শাসকীয় দলৰ পালিনেতাৰ হাতত পৰি চৰকাৰী উন্নয়নমূলক আঁচনিয়ে কি ৰূপ লৈছে সেয়া আমাৰ দৰে বহুতে দেখিছে ৷ ৰাজনীতিকৰ ব্যৰ্থতা ঢকা কৌশলৰ অন্য নাম আজমল৷ ‘আজমল বন্দনা’ বা ‘আজমল ভৎসৰ্না’ দ্বাৰা ৰাইজৰ একো উপকাৰ নহয় ৷ যোৱা কিছুদিনৰ পৰা একাংশ ৰাজনৈতিক দলৰ নেতা-পালিনেতাই সমাজত ধৰ্মীয় বিষবাস্প বিয়পোৱাৰ যত্ন অব্যাহত ৰাখিছে ৷ ‘ৰাজীৱ ভৱনত আগলৈ অমুক, অমুক মাংসৰ খানা চলিব’, ‘মুছলমানক পাঞ্চ মাৰিম’ এই ধৰণৰ কথাৰে সমাজত বিভেদৰ জুই ছটিয়াই নিজ উদ্দেশ্য সিদ্ধিৰ বাবে উঠি পৰি লাগিছে ৷ ইয়াৰ দ্বাৰা তেওঁলোকে নাগপুৰ আৰু দিল্লীত নিজৰ দাম বঢ়াব খুজিছে ৷ স্বাৰ্থলোভী এইসকল নেতাক ৰাইজে চিনি থবৰ হ’ল ৷ আনহাতে টিভি চেনেলত আহি কিছুমান নেতাই এনেদৰে কথা কয় যেন আঁচনিবোৰ তেওঁলোকৰ মন্ত্ৰীয়ে পিতৃৰ উপাৰ্জনৰ পৰাহে দিছে ? নিৰ্বাচনী ৰাজনীতিত নেতাৰ ভাষণেই মূলধন ৷ প্ৰতিটো ৰাজনৈতিক দলে আন দলক সমালোচনা কৰাতো একো নতুন কথা নহয় ৷ নতুন কথাটো হ’ল এই সমালোচনা কৰিবলৈ যাওঁতে শিষ্টাচাৰৰ সকলো সীমা চেৰাই যোৱা ৷ যোৱা দুই-এটা নিৰ্বাচনত নেতাৰ মুখৰ তেনে কিছু কথা অসমৰ ৰাইজে মনত ৰাখিছে ৷ যিবোৰ কথাৰ দ্বাৰা মানুহৰ মনত ৰাজনীতিকৰ আসন আৰু অৱনমিত কৰিছে ৷ ৰাজনীতিকসকলে মনত ৰখা ভাল যে- ‘সকলো মানুহকে সকলো সময়তে মুৰ্খ সজাব নোৱাৰি ৷ ‘তেওঁলোকৰ কথা-কাণ্ডৰ বাবে অসমৰ ৰাজনীতিৰ পথাৰখন চিৰদিনৰ বাবে যাতে বিষাক্ত হৈ নাযায় সেয়া নজৰ ৰখাতো বৰ্তমানৰ প্ৰতিজন ৰাজনীতিকৰ নৈতিক কৰ্তব্য বুলি আমি ভাবোঁ ৷ দিল্লীৰ নিৰ্বাচনৰ আগে আগে কেজৰিৱালে কোৱাৰ দৰে শাসকীয় দলৰ মন্ত্ৰীয়ে ৰাইজক কিয় ক’ব নোৱাৰে- “আমাৰ চৰকাৰে যদি ভাল কাম কৰিছে ৰাইজে আকৌ আমাক ভোট দিয়ক ৷” পাঁচটা বছৰ কাম কৰিবলৈ সুবিধা দিয়াৰ পাছত কামৰ খতিয়ান লোৱাৰ অধিকাৰ ৰাইজৰ নিশ্চয় আছে ৷ ‘অমুক দলে অমুক বছৰে একো নকৰিলে সেয়ে আমি একো নকৰিলোঁ’ এনে ধৰণৰ উত্তৰ জনতাৰ কাম্য নহয় ৷ ৰাজ্যৰ সকলো সমস্যা তল পেলাই আজমল নামৰ নাঁৱত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খোজা কু অভিপ্ৰায় ৰাইজৰ বুজিবলৈ বাকী নাই ৷

Leave A Reply