Breaking

অক্টোবৰ মাহত সাধাৰণ সভা, বিচিচিআইৰ শীৰ্ষ পদত কোন থাকিব ?

0 65

৭ অক্টোবৰত বিচিচিআইৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হ’ব। সচিব জয় শ্বাহে এক অধিসূচনাত কয় যে এইবাৰৰ সাধাৰণ সভা মুম্বাইত হ’ব। ক্ৰিকবাজ নিউজ অনুসৰি বিচিচিআইৰ সাধাৰণ সভাত মহিলাৰ আইপিএল এটা গুৰুত্বপূৰ্ণ এজেণ্ডা হ’ব।

ইফালে বিচিচিআইৰ সভাপতি-সম্পাদক এতিয়াও নিশ্চিত নহয় যদিও বৰ্তমানৰ কমিটীখন পুনৰ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। তদুপৰি আইচিচিৰ অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী থাকিব নে নাই সেইটো বিচিচিআইয়ে সিদ্ধান্ত ল’ব পাৰে।

ইফালে, ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই শেহতীয়াকৈ দেশৰ উচ্চতম ন্যায়ালয়ে কুলিং অফ সন্দৰ্ভত এক নতুন ৰায় ঘোষণা কৰিছে। ৰাজ্যিক সংস্থাত ৬ বছৰ বা দুটা কাৰ্যকালৰ পিছত এজন ব্যক্তিয়ে ৬ বছৰলৈ বি চি চি আইৰ পদত অধিষ্ঠিত হ’ব পাৰে। গতিকে সৌৰভ গাংগুলী আৰু জয় শ্বাহক বি চি চি আইৰ পদত থাকিবলৈ কোনো বাধা নাই।

উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পাছত সৌৰভ আৰু জয় আৰু তিনি বছৰ BCCI ত থাকিব পাৰিব। কিন্তু দুয়ো একেলগে কুলিং অফৰ বাবে যাব লাগিব। ২০১৯ চনৰ অক্টোবৰ মাহত বিচিচিআইৰ নেতৃত্বত আহিছিল সৌৰভ আৰু জয়। এতিয়া পৰৱর্তী সভাপতি কোন হ’ব সেই সন্দর্ভত বহু চর্চা চলিছে৷

Leave A Reply