Breaking

মধুমেহ ৰোগীসকলে সদায় নহৰু খোৱা কিয় উচিত…

0 67

(১) নহৰুৰ ৰস সেৱন কৰিলে ই আমাৰ শৰীৰৰ সকলো দূষিত পদাৰ্থ নোম ছিদ্ৰৰ দ্বাৰা বাহিৰলৈ উলিয়াই আনে ।
(২) নহৰুত ছালফাইড পোৱা যায়,যি আমাৰ শৰীৰত এল ডি এল কলেষ্টৰলৰ মাত্ৰা কম কৰি হাৰ্ট এটেক আৰু ব্লকেজ প্ৰতিৰোধ কৰিব পাৰে ।
(৩) মধুমেহ ৰোগীসকলে সদায় নহৰু খোৱা উচিত । তেজত ইনচুলিনৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ দ্বাৰা স্বাস্থ্য ভালে থাকে ।


(৪) নহৰুত থকা এলিচিনে শৰীৰত সৃষ্টি হোৱা সংক্ৰমণৰ সৈতে যুঁজিব পাৰে । ই এক প্ৰকাৰৰ এণ্টি ফাংগল,যি শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰি এণ্টিবডিৰ সৃষ্টি কৰে ।
(৫) নহৰুৱে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও শৰীৰৰ তেজ চলাচল প্ৰক্ৰিয়া সুগম কৰি তোলে । ই ছালৰ বিকাৰসমূহৰ ক্ষেত্ৰতো উপযোগী ।


(৬) জ্বৰ,পানী লগা বা চৰ্দি হ’লে মিঠাতেল জুইত গৰম কৰি তাত কেইটামান নহৰুৰ কলি মিহলাই নাক আৰু শৰীৰৰ অন্য স্থানত লগালে আৰাম পোৱা যায় ।
(৭) যদি কাণত বিষ হয়,তেন্তে নহৰুৰ তেলৰ কেইটামান গৰম টোপাল কাণত দিলে বিষ নোহোৱা হয় । নহৰু হৈছে এক প্ৰকাৰৰ এণ্টি অক্সিডেণ্ট,যি কাণৰ বেক্টেৰিয়াসমূহ নাশ কৰি তাত যিমান মলি আছে, সকলো বাহিৰলৈ উলিয়াই আনে ।
(৮) শৰীৰৰ পাচনতন্ত্ৰ অধিক শক্তিশালী কৰিবলৈ প্ৰতিদিনে আহাৰ খোৱাৰ পাছত কেইটামান নহৰুৰ কলি খোৱা উচিত । মাংসহাৰী বা শৰ্কৰা জাতীয় ভোজন যেতিয়া গ্ৰহণ কৰা হয়,তেতিয়া ইয়াৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি ।

Leave A Reply