Breaking

কিয় চৰ্চালৈ আহিও ভাৰতীয় দলৰ পৰা বাদ পৰিল ৰিয়ান পৰাগ ? -ক’লে বি চি চি আইৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই

0 1,467

ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চাত থাকিও ভ্ৰমণকাৰী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত টি-টুৱেণ্টী ক্ৰিকেট শৃংখলাত স্থান নাপালে অসমৰ প্ৰতিভাৱান ক্ৰিকটাৰ ৰিয়ান পৰাগে। সদ্যসমাপ্ত ছৈয়দ মুস্তাক আলী ৰাষ্ট্ৰীয় টি- টুৱেন্টী টুৰ্ণামেণ্টত দুর্দান্ত প্ৰদৰ্শন কৰাৰ পাছতো ৰিয়ানক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা কিয় নহ’ল ? এই বিষয়ত মন্তব্য প্ৰকাশ কৰিলে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ যুটীয়া সচিব দেৱজিত শ‍ইকীয়াই ।

গুৱাহাটীত ২৮ নৱেম্বৰ, মঙলবাৰে হ’বলগীয়া ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি- টুৱেণ্টী উপলক্ষে শনিবাৰে অনুষ্ঠিত সংবাদ মেলত শ‍ইকীয়াই কয় যে শৃংখলাটোৰ বাবে দল নির্বাচন প্রক্রিয়াটো সম্পূর্ণভাৱে নিৰ্ভৰ কৰে নির্বাচক কমিটীৰ ওপৰত । ২০১৮ চনলৈকে বিষয়টো সুকীয়া আছিল । কিন্তু লোৱা কমিটীৰ অনুমোদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশাৱলীৰ পাছত নিৰ্বাচক কমিটীৰ ওপৰত বৰ্ষৰ বিষয়ববীয়াই হস্তক্ষেপ কৰিব নোৱাৰে । নিঃসন্দেহে ৰিয়ান পৰাগ এজন প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ক্ৰিকেটাৰ ।

ইতিমধ্যে তেওঁ নির্বাচক দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষমো হৈছে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত শৃংখলাটোৰ বাবে দল নিৰ্বাচনৰ সময়ত তেওঁৰ নামো বিবেচনালৈ আহিছিল । তেওঁ এইবাৰ টীম ইণ্ডিয়াত সুযোগ নাপালেও তাত হতাশ হ’বলগীয়া একো নাই । ৰিয়ান সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শ‍ইকীয়াই কয় যে মুস্তাক আলী ট্ৰফীত দেখুওৱা প্ৰদৰ্শনেৰে ইতিমধ্যে তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

কেৱল সেয়ে নহয়, ১৯ বছৰ অনূৰ্দ্ধ বিশ্ব চেম্পিয়ন দলৰ সদস্য ৰিয়ানে এমাজিং ইণ্ডিয়া দল আৰু দেওধৰ ট্ৰফীতো উন্নত প্ৰদৰ্শন আগবঢ়াইছে । শীঘ্ৰে তেওঁ ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিব । শ‍ইকীয়াই লগতে কয় যে সমাগত আই পি এলতো অসমৰ পৰা অধিক ক্রিকেটাৰে সুযোগ পোৱাৰ সম্ভাৱনা আছে ।

Leave A Reply