Breaking

ৰাতিপুৱা উঠি কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলাৰ কিয় প্ৰয়োজন…

0 185

(১) সদায় ৰাতিপুৱা উঠি ভালদৰে হাত-মুখ ধূই একলিটাৰ কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। কুহুমীয়া গৰম পানী খালে পাকস্থলীত সঞ্চিত হৈ থকা অতিৰিক্ত অম্লৰস আৰু বদহজম আহাৰ অন্ত্ৰলৈ সঞ্চালন হৈ শৌচৰ লগত বাহিৰ হয়। সেয়েহে কুহুমীয়া গৰমপানী খোৱাৰ ফলত পাকস্থলী আৰু অন্ত্ৰ পৰিস্কাৰহয় বাবে gastritis হোৱাৰ সম্ভাৱনা নাথাকে। কেৱল কুহুমীয়া গৰমপানী খাই অম্লপিত্ত সম্পূৰ্ণ নিৰাময় কৰিব পাৰি।

তাৰোপৰি কুহুমীয়া গৰমপানী খালে যকৃত, কিডনী , অগ্নাশয় , থায়ৰইড আদি গ্ৰন্থি অধিক সক্ৰিয় হয়। হজম শক্তি বৃদ্ধি পায় আৰু বিপাক ভালদৰে হয়। শৌচ-পেচাব নিয়মীয়া হোৱাৰ উপৰিও শৰীৰ শোধন হয়। সেয়েহে নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ দীৰ্ঘায়ু প্ৰাপ্তিৰ বাবে সদায় ৰাতিপুৱা কুহুমীয়া গৰমপানী কমেও এক লিটাৰ খাওক।

(২) আহাৰ খোৱাৰ আধাঘন্টাৰ আগতে আৰু এঘন্টাৰ পিছত পানী খালে আহাৰ ভালদৰে হজম হয় বাবে gastritis ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। কোনোবা ব্যক্তি ৰোগাক্ৰান্ত হৈ থাকিলেও সোনকালে আৰোগ্য হয়। আহাৰ খোৱাৰ পিছত পিত্তৰস আহাৰৰ সৈতে ভালদৰে মিহলি হলেহে সহজেই হজম হয়। কিন্তু আহাৰ খোৱাৰ পাচত পানী খালে পিত্তৰসৰ গাঢ়তা কমি যায়

বাবে সঠিক ভাৱে আহাৰ পৰিপাক হব নোৱাৰে। ইয়াৰ ফলত বদহজম হৈ এচিডিটি হয়।

(৩) আমি আহাৰ খোৱাৰ পিছত কমেও এঘন্টা বাওঁকাতিহৈ শুৱা উচিত। বাওঁকাতিহৈ শুলে পাকস্থলীত থকা খাদ্যৰ লগত অম্লৰস (হাইড্ৰোক্লৰিক এচিড আৰু পেপচিন) ভালকৈ মিহলি হয়। তাৰোপৰি পাকস্থলীৰ পৰা নি:সৰণ হোৱা অম্লৰস খাদ্যনলীত প্ৰবেশ কৰিব নোৱাৰে। গতিকে আমি খোৱা খাদ্য সহজেই হজম হয় বাবে বদহজম, টেঙাপানী, বুকু জ্বলা-পোৰা হব নোৱাৰে gastritis থকা ব্যক্তিয়ে সদায় বাওঁকাতিকৈ শুৱা উচিত।

(৪) অম্লপিত্তত আক্ৰান্ত ব্যক্তিয়ে সপ্তাহত এদিন উপবাস কৰিব। উপবাস কৰিলে পাচন প্ৰক্ৰিয়াকে আদি কৰি শৰীৰ শোধন হয় বাবে সকলো অঙ্গ-প্ৰত্যঙ্গ অধিক সক্ৰিয় হৈ উঠে। উপবাস কৰিলে যিকোনো ৰোগ সহজে হব নোৱাৰে।

Leave A Reply