Breaking

ৰামলালাৰ ৰং ক’লা কিয়? উত্তৰাখণ্ড বিধানসভাত কংগ্ৰেছ বিধায়কৰ মন্তব্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়া…

0 18

উত্তৰাখণ্ড বিধানসভাত কংগ্ৰেছ বিধায়কৰ মন্তব্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়া। ৰাম মন্দিৰত স্থাপন কৰা ৰামলালাৰ ৰঙকলৈ বিতৰ্কৰ সৃষ্টি কৰিলে এগৰাকী কংগ্ৰেছ বিধায়কে। কংগ্ৰেছ বিধায়কগৰাকীৰ মতে ৰামলালাক ‘ক’লা’ বনোৱা হৈছে! কংগ্ৰেছ বিধায়ক আদেশ সিং চৌহানে উত্তৰাখণ্ড বিধানসভাত এই বিতৰ্কিত মন্তব্য কৰিছে। বিধায়কগৰাকীৰ মন্তব্যৰ পিছতে উত্তৰাখণ্ড বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজ্যখনৰ বিত্ত মন্ত্ৰী প্ৰেম চান্দ আগৰৱালে কয় যে কংগ্ৰেছেও এতিয়া ভোট বেংকৰ বাবে ভগৱান ৰামক দোষাৰোপ কৰিবলৈ লৈছে। মঙলবাৰে উত্তৰাখণ্ড বিধানসভাত ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰা হৈছিল। বুধবাৰে এই বিষয়ত আলোচনাৰ সময়তে কংগ্ৰেছ বিধায়কজনে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ কথা উল্লেখ কৰে। তেওঁ কয় “আমি ৰাম মন্দিৰৰ উদ্বোধনক স্বাগতম জনাইছো। কিন্তু মই কিতাপত পঢ়িছিলো যে আমাৰ ৰামৰ দেহৰ বৰণ গাঢ় আছিল। কিন্তু আপোনালোকে তেওঁক কিয় ক’লা কৰিলে?”

উত্তৰাখণ্ডৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰেম চান্দে এই মন্তব্যকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় “ভগৱান ৰামৰ ছালৰ ৰঙকলৈ এনে মন্তব্য কিয়?”। কংগ্ৰেছ বিধায়কজনৰ মন্তব্যৰ পিছতে উত্তৰাখণ্ডৰ বিজেপি বিধায়কসকলে জয় শ্ৰী ৰামধ্বনি দিবলৈ আৰম্ভ কৰে। মন কৰিকৰিবলগীয়া যে ৰাম লালাৰ মূৰ্তিটো কঠিন শিলেৰে নিৰ্মিত। মহীশূৰস্থিত শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা মূৰ্তিটো অযোধ্যাৰ ৰাম মন্দিৰত স্থাপন কৰা হৈছে। দেৱভূমি উত্তৰাখণ্ডত এতিয়া শিলেৰে নিৰ্মিত ৰাম লালাৰ মূৰ্তিক লৈ বিতৰ্ক আৰম্ভ হৈছে।

Leave A Reply