Breaking

গৰমৰ দিনত ছালৰ পৰিচৰ্যা কিয় জৰুৰী…

0 36
  • দিনে দুবাৰকৈ গা ধোৱক আৰু কেইবাবাৰো মুখত ঠাণ্ডা পানীৰ ছিটা মাৰক।
  • ফল-মূল, কেঁচা শাক-পাচলিৰ চালাড, ফলৰ ৰস আৰু ডাবৰ পানী নিয়মিতৰূপে খালে ছাল ভালে থাকে।
  • দিনে ৭/৮ গিলাচ পানী খাওক।
  • গাখীৰ আৰু নেমুৰ ৰস মিহলাই সপ্তাহত এদিনকৈ সানি ১০/১৫ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাব।

  • মাজে মাজে বৰফৰ টুকুৰা মুখত আলফুলকৈ লগাওক।
  • ঘামচি হৈ দাগ থাকিলে বৰষুণৰ পানীৰে গা ধুব। বেচন অথবা কৰ্পূৰ তেলো লগাব পাৰে। মৌ সানিলেও ভাল।
  • সপ্তাহত এদিন অকণমান মিনি নিমখ আৰু মিঠাতেল মিহলাই ৫-৭ মিনিটমান সময় মুখত সানি ঠাণ্ডা পানীৰে ধুই পেলাব। ময়দাৰ লগত গাখীৰৰ সৰ মিহলাই সানি শুকালে কুহুমীয়া পানীৰে ধুই পেলাবও পাৰে।

  • খুউব চোকা ৰ’দত কৰবালৈ যাব লগা হ’লে ছানস্ক্ৰীন লোচন ব্যৱহাৰ কৰাৰ লগতে ছাতি আৰু ছানগ্লাছ ব্যৱহাৰ কৰিব।
  • ৰ’দত ছাল পুৰিলে অলিভ অইলৰ লগত নেমুৰ ৰস অথবা ভিনেগাৰ মিহলাই হাত-মুখ আৰু ডিঙিত সানি আধাঘণ্টামানৰ পিছত ধুই পেলাব।
Leave A Reply