Breaking

নিৰ্বাচনৰ আগতে কেজৰিৱালক কিয় গ্ৰেপ্তাৰ কৰা হ’ল ! ইডিৰ পৰা প্ৰশ্নৰ উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে…

0 16

নিৰ্বাচনৰ আগতে কেজৰিৱালক কিয় গ্ৰেপ্তাৰ কৰা হ’ল ? ইডিৰ পৰা প্ৰশ্নৰ উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰকলৈ আজি পুনৰ বিপাঙত পৰে ইডি। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সময়কলৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। কেজৰিৱালৰ আবেদনৰ শুনানি একেৰাহে দ্বিতীয় দিনৰ বাবে আজি অনুষ্ঠিত হয়। উচ্চতম ন্যায়ালয়ে মঙলবাৰে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সময়ৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি ইডিক সোধে- নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ’ল কিয়? ।

উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ইডিৰ পৰা সঁহাৰি বিচাৰিছে।বিষয়টোৰ শুকুৰবাৰে শুনানি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কেজৰিৱালে উচ্চতম ন্যায়ালয়ত ইডিৰ দ্বাৰা তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সময়স ম্পৰ্কে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৰ পৰা সঁহাৰি বিচাৰে।

আদালতে কয় “জীৱন আৰু স্বাধীনতা অতি গুৰুত্বপূৰ্ণ। আপুনি সেয়া অস্বীকাৰ কৰিব নোৱাৰে।’’ বিচাৰপীঠে ৰাজুক আন কেইবাটাও প্ৰশ্ন কৰে। ২১ মাৰ্চত গ্ৰেপ্তাৰ হোৱাৰ পিছত কেজৰিৱাল বৰ্তমান ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। উচ্চতম ন্যায়ালয়ে ১৫ এপ্ৰিলত ইডিক জাননী জাৰি কৰিছিল আৰু কেজৰিৱালৰ আবেদনৰ বিষয়ত সঁহাৰি বিচাৰিছিল। আদালতত জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে কেজৰিৱালক প্ৰতিনিধিত্ব কৰে।

Leave A Reply