Breaking

চিকৰাজান শাখা ডাকঘৰত ব্যাপক দুৰ্নীতি।

0 2,025

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত চিকৰাজান ডাকঘৰৰ(৭৮৬১৬০) দায়িত্ববাহী মানিক বৰগোহাঁই ডাকঘৰৰ অন্তৰ্ভুক্ত গাঁও সমূহত ডাক যোগে অহা প্ৰয়োজনীয় নথি প্ৰত্ৰ সমূহ বিতৰণত ব্যাপক ভাবে খেলি মেলি কৰাৰ অভিযোগ উত্থাপিত হৈছে।নামৰ বিপৰীতে প্ৰয়োজনীয় নথি পত্ৰসমূহ যোগান ধৰা বিপৰীতে ডাকঘৰতে সাচি থোৱাৰ লগতে চাৰিআলিৰ, তিনিআলিৰ দোকানি গৰাকীৰ হাতত প্ৰয়োজনীয় নথি প্ৰত্ৰ সমূহ দি অহা, বৃহৎ সংখ্যক লোকক প্ৰয়োজনীয় নথি প্ৰত্ৰ সমূহ হাতত যোগান নধৰাৰ অভিযোগ তুলি ভূক্তভোগী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক উমানন্দ মুদৈ মৰাণৰ নেতৃত্বত যোৱা এটা দলে ডাকঘৰত ঘেৰাও কৰি বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ উপৰিও বিভিন্ন জনে নিজৰ উপাৰ্জনৰ ধন ডাকঘৰত জমা ৰাখে কিন্তু সেই ধন বঢ়াৰ বিপৰীতে কমি অহাত ডাকঘৰৰ কৰ্মচাৰী জনৰ ওপৰৰ সন্দেহৰ আঙুলি টোৱাই স্হানীয় ৰাইজে। দায়িত্ববাহী মানিক বৰগোহাঁইৰ নাবালক পুত্ৰই এই বছৰত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় যদিও বৰ্তমানো ভোটাৰ তালিকাৰ নাম সন্নিবিষ্ট হোৱা নাই, অংকুৰ বৰগোহাঁই কেনেকৈ ডাকোৱাল চাকৰিত পাবলৈ সক্ষম হ’ল সেয়া এতিয়া সকলোতকৈ চৰ্চিত বিষয়।যি সয়সত বিজেপি চৰকাৰে সকলো চৰকাৰী বিভাগতে হৈ থকা দুৰ্নীতি বিৰোধী কঠোৰ প্ৰদেশ গ্ৰহণ কৰিছে তেনে সময়তে এনে সৰু সুৰা বিভাগত দুৰ্নীতি হৈ থকা কৰ্মচাৰী সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষ্যণীয়। 

Leave A Reply