Breaking

দৰঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক অনিয়ম।

0 23

দৰঙৰ পূব মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাঁও গাঁওপঞ্চায়তত  প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তালিকা প্ৰস্তুত কৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।পশ্চিম ওজাগাঁৱৰ দুই শতাধিক দুখীয়া দৰিদ্ৰ পৰিয়াল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী তালিকাৰ পৰা বঞ্চিত হৈছে ।অভিযোগ মতে গাওঁ খনৰ বহু ধনীলোকৰ নাম তালিকাভূক্ত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ হিতাধিকাৰী হিচাপে ।

দু-তিনিখনকৈ পকী গৃহ থকা , গাড়ী মটৰ থকা , ১০/১৫ বিঘাকৈ মাটি থকা পৰিয়ালৰ নাম তালিকাভূক্ত হোৱাৰ অভিযোগ উঠিছে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ তালিকাৰ পৰা বঞ্চিত হৈছে গাওঁ খনৰ প্ৰায় তিনিশ দুখীয়া দৰিদ্ৰ পৰিয়াল ।যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পশ্চিম ওজাগাঁৱত ।উল্লেখযোগ্য যে , ওজাগাঁও গাওঁ পঞ্চায়তৰ কৰ্মচাৰী সকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ হিতাধীকাৰী ভেৰিফিকেচন  কৰাৰ সময়ত প্ৰতিটো পৰিয়ালৰ পৰা পাঁচশৰ পৰা এহেজাৰ কৈ  টকা লোৱাৰ পাছতো তালিকাৰ পৰা বঞ্চিত হোৱাত ক্ষোভিত হৈ পৰিছে দুখীয়া দৰিদ্ৰ পৰিয়ালসমূহে ।সঠিক তদন্তৰ জৰিয়তে দোষীক শাস্তি প্ৰদান কৰাৰ লগতে যোগ্য পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোঁজনাৰ গৃহ প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাতৰ আহ্বান জনাইছে দুখীয়া দৰিদ্ৰ পৰিয়ালসমূহে ।

Leave A Reply