Breaking

লাহৰীঘাটত স্বামীৰ ওপৰত পত্নীৰ আক্ৰমণ।

0 2,018

 পত্নীৰ ওপৰত স্বামী বা নাৰীৰ ওপত পুৰুষৰ নিৰ্যাতন-আক্ৰমণৰ ঘটনা আমি প্ৰায়ে শুনি আহিছোঁ।এইবাৰ কিন্তু লাহৰীঘাটত স্বামীৰ ওপৰত পত্নীয়ে আক্ৰমণ চলোৱা ঘটনা সংঘটিত হৈছে। যুৱকৰ নাম ইনামূল হুছেইন।লাহৰীঘাট থানাৰ অন্তৰ্গত বৰখাবল গাঁৱৰ ইনামূল হুছেইনক পত্নী ফামতেমা খাতুনে মাতৃৰ সৈতে মিলি আক্ৰমণ কৰে।উল্লেখ্য যে তিনি মাহ পূৰ্বে ইনামূলৰ পত্নী ফাতেমাই স্বামীৰ গৃহতে জেহিৰুল ইছলাম নামৰ এগৰাকী শিক্ষকৰ সৈতে অপকৰ্মত লিপ্ত হোৱা ভিডিঅ’ ধৰা পেলাইছিল চি চি কেমেৰাত।পিছত স্বামীৰ পৰিয়ালে পত্নী ফাতেমাক পিতৃৰ গৃহত চমজাই দিয়ে।ইফালে কিছুদিন পূৰ্বে সেই গৰাকী ফাতেমাই স্বামী নথকাৰ সুযোগতে পুনৰ স্বামীৰ গৃহলৈ গৈ এনেদৰে দুৱাৰ তলা ভাঙি থাকিবলৈ লয়।পিছত এই কথা জানিব পাৰি স্বামী স্বামী ইনামূলে যোৱা ৮ অক্টোবৰত পত্নীক ঘৰৰ পৰা ওলাই যাবলৈ কোৱাত তেওঁৰ ওপৰত পত্নীৰ লগতে শাহুৱেকেও আক্ৰমণ কৰি এনেদৰে আহত কৰে।আনকি লগত যোৱা গাড়ীৰ চালক যুৱক জনকো মাৰপিট কৰে।ইফালে নিজ গৃহতে পত্নী আৰু শাহুৰ আক্ৰমণৰ বলি হোৱা ইনামূলে এই সন্দৰ্ভত  লাহৰীঘাট থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।উক্ত ঘৰটোত যাতে স্বামী ইনামূল হুছেইন প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে পত্নী ফাতেমা খাতুনে পিতৃ গৃহৰ পৰা গুণ্ডা বাহিনী সাজু কৰি ৰখা বুলিও অভিযোগ তুলিছে তেওঁলোকৰ আক্ৰমণৰ বলি হোৱা এইজন গাড়ী চলোৱা যুৱক। 

Leave A Reply