Breaking

পৰস্ত্ৰীৰ সৈতে হোটেলৰ কোঠাৰ স্বামী। ৰণচণ্ডী পত্নীৰ হাতত চেণ্ডেল। তাৰ পাছত হাহাকাৰ। ভিডিঅ’ বন্দী সকলো।

0 418

আগ্ৰাৰ (Agra) দিল্লী গেট (Delhi Gate) এলেকাস্থিত হোটেলত কেইবা ঘণ্টাধৰি হাই ভল্টেজ ড্ৰামা দেখা পোৱা গ’ল। দৰাচলতে, তাত এগৰাকী পত্নীয়ে তাইৰ স্বামীক আন এগৰাকী মহিলাৰ সৈতে ৰোমাঞ্চ কৰি থকাৰ সময়ত হাতে-লোটে ধৰা পেলায়। যাৰ পিছত পত্নীয়ে মহিলাগৰাকীক আৰু স্বামীক চেণ্ডেলেৰে নিৰ্বিচাৰে প্ৰহাৰ কৰে। ইয়াৰ ভিডিঅ’ ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল (Social Media Viral Video) হৈ পৰিছে।

উত্তৰ প্ৰদেশৰ (Uttar Pradesh) আগ্ৰাত (Agra) কোনো অন্য মহিলাৰ সৈতে হোটেলত ৰোমাঞ্চ কৰি বিপদত পৰিল এজন বিবাহিত পুৰুষ (Romancing Another Woman In A Hotel)। দৰাচলতে, যেতিয়া বন্ধ কোঠাত লোকজনে অন্য মহিলাৰ সৈতে ৰোমাঞ্চ কৰাত ব্যস্ত আছিল তেতিয়া হঠাৎ লোকজনৰ পত্নী তাত উপস্থিত হয়। স্বামীক অন্য মহিলাৰ সৈতে দেখি পত্নী ক্ষুব্ধ হৈ পৰে আৰু চেণ্ডেল খুলি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে (Wife Beat Husband By Slipper)

পত্নীয়ে স্বামীৰ লগতে সেই মহিলাগৰাকীকো চেণ্ডেলেৰে প্ৰহাৰ কৰিছিল। ঘটনাটো দিল্লী গেট এলেকাৰ। জানিবলৈ দিয়া অনুসৰি, দেৱৰী ৰোডৰ বাসিন্দা দিনেশে হাস্পতালত চাকৰি কৰে। লোকজনৰ পত্নী নীলমে অভিযোগ উত্থাপন কৰিছে যে দিনেশৰ অবৈধ সম্পৰ্ক (Extra Marital Affairs) আছে এগৰাকী মহিলাৰ সৈতে। যেতিয়া এই কথাটোৰ বিষয়ে পত্নীয়ে জানিব পাৰিলে তেতিয়া দুয়োৰে মাজত কাজিয়া হ’বলৈ আৰম্ভ হৈছিল।

এই কথাটোক লৈ অশান্তিত ভুগি নীলম মাকৰ ঘৰত গৈ থাকিব লৈছিল। সোমবাৰে তাই জানিব পাৰিলে যে দিনেশ সেই মহিলাগৰাকীৰ সৈতে দিল্লী গেটস্থিত এখন হোটেলত আছে। নীলম লগে লগে নিজৰ ভায়েকৰ সৈতে সেই হোটেলখনত উপস্থিত হয়। যেতিয়াই পত্নী কোঠাটোত যায় তেতিয়া দেখা পাই য়ে দিনেশ অন্য মহিলাৰ সৈতে আছিল। খঙত নীলমে চেণ্ডেলেৰে স্বামীক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। লগতে অন্য মহিলাগৰাকীকো চেণ্ডেলেৰে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

সেই সময়ছোৱাত দিনেশে পত্নী নীলমৰ ওচৰত ক্ষমা বিচাৰি থাকিল। নীলমৰ ভাতৃয়ে এই গোটেই ঘটনাটোৰ এটা ভিডিঅ’ বনাইছিল, যিটো ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে (Social Media Viral Video)। ভিডিঅ’টোত দিনেশক তেওঁৰ পত্নীৰ ওচৰত বাৰে বাৰে ক্ষমা বিচাৰি থকা দেখা গৈছে। দিনেশে কৈ আছে যে, “ভুল হৈ গ’ল। দ্বিতীয়বাৰ নহয়। কেৱল এইবাৰ ক্ষমা কৰি দিয়া,” আনহাতে আনগৰাকী মহিলায়েও নীলমৰ ওচৰত ক্ষমা বিচাৰে।

কোৱা হৈছে যে হোটেলখনত হাই ভল্টেজ ড্ৰামা কেইবা ঘণ্টা ধৰি চলি আছিল। আৰক্ষীয়ে এই বিষয়ে তথ্য পোৱাৰ লগে লগে এটা দল ঘটনাস্থলীত উপস্থিত হয়। দিনেশ আৰু মহিলাগৰাকীক আৰক্ষী চকীলৈ লৈ যোৱা হৈছিল।

Leave A Reply