Breaking

ৰাজ্যৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে উদ্যম ২০২৩ কেবাখনো জিলাক সামৰি এম এছ এম ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন…

0 55

ৰাজ্যৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত কাইলৈৰ পৰা কেইবাখনো জিলাক সামৰি ৯খন ঠাইত আৰম্ভ হ’ব উদ্যম ২০২৩,এম এছ এম ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন। আজি দিছপুৰত আয়োজিত এক সংবাদ মেলত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই এই কথা সদৰি কৰে।


ৰাজ্যৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ ব্যৱসায়ক এক নতুন গতি প্ৰদান কৰিবলৈ উদ্যোগ বিভাগে এই উদ্যম ২০২৩ ৰ আয়োজন কৰা বুলিও উদ্যোগ মন্ত্রী বড়াই কয়।
সংবাদ মেলত মন্ত্রী গৰাকীয়ে জানিবলৈ দিয়া মতে অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ কোকৰাঝাৰ, বাগছা,চিৰাং, বৰপেটা, বঙাইগাঁও আৰু ধুবুৰী জিলাক সামৰি তামুলপুৰত, ১৫ -১৯ফেব্ৰুৱাৰীলৈ নগাঁও, মৰিগাঁও আৰু হোজাইক সামৰি নগাঁৱৰ নেহৰু বালিত, একে সময়তে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওক সামৰি তৰালাংছুত, ২০-২৪ফেব্ৰুৱাৰীত শোণিতপুৰ আৰু বিশ্বনাথক সামৰি তেজপুৰত, যোৰহাট আৰু গোলাঘাটক সামৰি ২০ৰ পৰা ২৪ ফেব্ৰুৱাৰী ফেব্ৰুৱাৰীলৈ যোৰহাটত, নলবাৰী, গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মহানগৰক সামৰি ২১-২৫ ফেব্ৰুৱাৰীলৈ উত্তৰ গুৱাহাটীত, ২২-২৬ফেব্ৰুৱাৰীলৈ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিক সামৰি শিলচৰত, ২৫ ফেব্ৰুৱাৰীৰ পৰা ১মাৰ্চলৈ ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়াক সামৰি দুলীয়াজানত আৰু ২৬ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ দৰং আৰু ওদালগুৰি জিলাক সামৰি টংলাত উদ্যম ২০২৩,এম এছ এম ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন অনুষ্ঠিত হ’ব।


লখিমপুৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ পৰিচালনাত অনুষ্ঠিতব্য এই ৰাজ্যিক পৰ্যায়ৰ সন্মিলনত এম এছ এম ই গোট সমূহৰ উৎপাদিত পণ্য বিক্ৰীৰ লগতে ৰপ্তানি পদ্ধতি, ব্ৰেণ্ডিং আৰু পেকেজিং, কৃষি আৰু আনুসংগিক ক্ষেত্ৰ, খাদ্য সংশোধন, মাংস সংশোধন, পি এম এফ এম ই, পি এম ই জি পি আচনি, পৰ্যটন ক্ষেত্র আদিৰ সম্ভাৱনা তথা উদ্যমিতা সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।


এই সন্মিলনত প্ৰায় পাচ হেজাৰ ক্ষুদ্ৰ উদ্যোগে অংশ গ্ৰহণ কৰিব বুলি ব্যক্ত কৰি মন্ত্রী বড়াই ইয়াৰে তিনি হেজাৰ উদ্যোগীয়েও যদি সঠিক ৰূপত ব্যৱসায় কৰিবলৈ সক্ষম হয় তেন্তে অসমৰ উদ্যোগ খণ্ডই এক বেলেগ ৰূপ পৰিগ্ৰহ কৰিব বুলি তেও আশা প্ৰকাশ কৰে। এই দিশত চৰকাৰৰ তৰফৰ পৰা উদ্যোগী সকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা হ’ব বুলিও সংবাদ মেলখনত মন্ত্রী গৰাকীয়ে ব্যক্ত কৰে।
পি আৰ অ’, উদ্যোগ মন্ত্রী, অসম।

Leave A Reply