পাকঘৰত থকা কিছুমান সামগ্ৰীৰে দূৰ কৰিব পাৰিব ডিঙি চেৰচেৰাই থকা সমস্যা…

পৰিৱৰ্তিত বতৰত আমি বহু ধৰণৰ সংক্ৰমণ আৰু ৰোগৰ সন্মুখীন হ’বলগীয়া হয়, য’ত চৰ্দি, কাহৰ সম্ভাৱনা সৰ্বাধিক। যিহেতু শীতৰ বতৰ এতিয়াও সম্পূৰ্ণৰূপে অহা নাই, গতিকে বহুতে এতিয়াও ঠাণ্ডা পানী, ঠাণ্ডা পানীয়, বা লাছি খোৱাৰ অভ্যাস এৰি দিয়া নাই, কিন্তু ইয়াৰ বাবেই তেওঁলোকে ডিঙিৰ বিষ বা ডিঙি চেৰচেৰাই থকা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে সমস্যা বাঢ়ি গলে কথা কোৱা, খাদ্য খোৱা সঠিকভাৱে কৰাটো কঠিন হৈ পৰে।

আপুনিও যদি এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে পাকঘৰত থকা কিছুমান সামগ্ৰীৰে এই সমস্যা দূৰ কৰিব পাৰিব-

১) মেথিঃ মেথি অতি সুগন্ধিযুক্ত মছলা, যাৰ বাবে ইয়াৰ দ্বাৰা বহুতো ৰেচিপি প্ৰস্তুত কৰা হয়। ডিঙিৰ সমস্যা হ’লে আপুনি একাপ পানীত এচামুচ মেথিৰ গুটি উতলাই লব। তাৰ কুহুমীয়া পানী চালনীৰে চেকি খাব লাগে।

২) গৰম পানী আৰু মৌঃ ডিঙিৰ বিষৰ বাবে সকাহ পাবলৈ গৰম পানীৰ লগত মৌ মিহলাই লওক। এতিয়া সেই পানী চিপচিপকৈ খাওক, সোনকালে সকাহ দিব।

৩) নিমখ আৰু হালধি পানীৰ গাৰ্গলঃ নিমখ আৰু হালধি, এই দুটাৰ সংমিশ্ৰণে ডিঙিৰ বিষৰ পৰা উপশম দিব পাৰে। ইয়াৰ বাবে আপুনি এগিলাচ পানী দি গৰম কৰি লওক। এতিয়া আধা চামুচ নিমখ আৰু এচামুচ হালধি মিহলাই প্ৰায় ৫ বাৰ গাৰ্গল কৰক, আপোনাৰ সমস্যা ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰিব।

৪) আদা-জালুক দিয়া চাহঃ এনে সমস্যাত আদা-জালুক দিয়া চাহে বৰ সকাহ দিয়ে। সেয়েহে কাঢ়াকৈ এই বনাই খাব লাগে।

Related Articles