Breaking

সাংবাদিক চলচ্চিত্ৰ সমালোচক চন্দন শৰ্মাৰ বিয়োগৰ লগে লগে চলচ্চিত্ৰ সমালোচনাৰ এটা সুকীয়া ধাৰাৰ অন্ত…

0 45

সাংবাদিক চলচ্চিত্ৰ সমালোচক চন্দন শৰ্মাৰ মৃত্যু

চলচ্চিত্ৰ সমালোচক, সাংবাদিক চন্দন শৰ্মাই বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬১ বছৰ৷ অসমৰ চলচ্চিত্ৰ সমালোচনাৰ ধাৰাটোক নতুন গতি প্ৰদান কৰা চন্দন শৰ্মাৰ বিয়োগৰ লগে লগে চলচ্চিত্ৰ সমালোচনাৰ এটা সুকীয়া ধাৰাৰো অন্ত পৰিল৷ চলচ্চিত্ৰ সমালোচনাৰ উপৰি ‘সূৰ্যাস্ত’কে ধৰি কেইবাখনো পূৰ্ণদৈৰ্ঘৰ চিনেমাৰ চিত্ৰনাট্যও লিখিছিল চন্দন শৰ্মাই৷

সংঘাত, আৰ্থিক দীনতাৰ মাজতো নৈতিকতা আৰু মূল্যবোধক জীৱনৰ আধাৰ হিচাপে গ্ৰহণ কৰিছিল চন্দন শৰ্মাই৷ ২০২২ৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ অৱশেষত আজি শেষনিশ্বাস ত্যাগ কৰে তেওঁ৷

১৯৬২ত গুৱাহাটীত জন্মগ্ৰহণ কৰা চন্দন শৰ্মাই কটন কলেজিয়েট স্কুল, কটন কলেজত শিক্ষাগ্রহণ সম্পূর্ণ কৰি ১৯৮৭ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ত্ব বিভাগত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। অসম ৰাজ্যিক আৰু গুৱাহাটী বিশ্ববিদ্যালয় দলৰ হৈ প্রায় দহ বছৰ ৰাষ্ট্রীয় পর্যায়ত বেডমিন্টন প্ৰতিযোগিতাত অংশগ্রহণ কৰিছিল।

১৯৮৪ৰ পৰা ১৯৮৯লৈ অইল ইণ্ডিয়া লিমিটেডত চাকৰি কৰাৰ পাছত ১৯৯০ত প্রসিদ্ধ সাহিত্যিক যোগেশ দাস সম্পাদিত অসমীয়া মাহেকীয়া আলোচনী ‘অধিনায়ক’ত সহকাৰী সম্পাদকৰূপে যোগদান কৰে আৰু একেবছৰতেই দৈনিক কাকত ‘দ্যা নর্থ-ইষ্ট টাইমছ’ত যোগদান কৰি তেৰ বছৰ কাল সংবাদসেৱা আগবঢ়ায়৷

‘দ্যা টেলিগ্রাফ’, ‘চেভেন চিষ্টার্চ পোষ্ট’ আদি কাকতৰ নিয়মীয়া লেখক চন্দন শর্মাই সান্ত্বনা বৰদলৈ, বিদ্যুৎ চক্রৱৰ্তী, হেমন্ত কুমাৰ দাস, ৰঞ্জিৎ দাস আদি কে’বাগৰাকীও ৰাষ্ট্রীয় পুৰস্কাৰপ্রাপ্ত পৰিচালকৰ একাধিক টেলিভিছন ধাৰাবাহিকৰ চিত্ৰ-নাট্য লিখিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পটভূমিত নির্মিত তিনিখন তথ্যচিত্রৰ চিত্র-নাট্য আৰু পৰিচালনা চন্দন শৰ্মাৰ। ইয়াৰোপৰি তিনিখন অসমীয়া পূর্ণদৈৰ্ঘৰ কাহিনীমূলক ছবিৰো চিত্ৰ-নাট্য লিখিছে শৰ্মাই। চলচ্চিত্র, নাটক, শাস্ত্রীয় গীত-নৃত্যৰ সমালোচক শৰ্মাৰ একাধিক লেখা ইংৰাজী আৰু অসমীয়া ভাষাত বিভিন্ন কাকত-পত্রিকাত প্রকাশ পাইছে। দূৰদৰ্শন কেন্দ্র গুৱাহাটী আৰু আকাশবাণী গুৱাহাটীৰ নিয়মীয়া আলেখ্য লেখক আছিল চন্দন শর্মা।

Leave A Reply