Breaking

ৰাইজৰ সহযোগত দাওভাংগী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জাহান উদ্দিনে থানা চৌহদত নিৰ্মাণ কৰিলে এটা শিৱ মন্দিৰ…

0 1,577

গৌৰীপুৰৰ দাওভংগীত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিৰ্ধশন দাঙি ধৰিছে এগৰাকী মুছলিম সম্প্ৰদায়ৰ আৰক্ষী বিষয়াই।
নাম জাহান উদ্দিন।আৰক্ষী চকী চৌহদত হিন্দু ধৰ্মাৱলম্বী লোকৰ উপসনাৰ বাবে এখনো মন্দিৰ নাছিল। তেও তাত এখন মন্দিৰ নিৰ্মাণৰ বাবে জিলা প্ৰশাসনৰ পৰা অনুমতি লাভ কৰি স্থানীয় ধৰ্মপ্ৰাণ লোকৰ সহযোগত প্ৰায় ৮/৯ মাহৰ ভিতৰতেই এই শিৱ মন্দিৰ খন নিৰ্মাণ কৰে।


স্থানীয় ৰাইজৰ সহযোগত আৰক্ষী বিষয়া গৰাকীৰ তত্বাৱধানত শিৱ মন্দিৰ খন নিৰ্মাণ কৰা হৈছে।আজি প্ৰথমবাৰৰ বাবে পূজা অৰ্চনা কৰি মন্দিৰ খনৰ শুভ উদ্বোধন কৰে ধুবুৰী জিলা সহকাৰী আৰক্ষী অধীক্ষক বিদ্যুত বৰভূঞাই।আৰক্ষী বিষয়া জাহান উদ্দিনে ৰাইজৰ সহযোগীতাত আৰক্ষী চকী চৌহদত শিৱ মন্দিৰ খন নিৰ্মাণ কৰাত কৰাত স্থানীয় ৰাইজৰ ভূইসী প্ৰসংশা লাভ কৰে আৰক্ষী বিষয়া জাহান উদ্দিনে।


গৌৰীপুৰৰ পৰা ওমৰ ফাৰুক সেখৰ প্ৰতিবেদন

Leave A Reply