Breaking

৮ সাংসদৰ ধৰ্ণা প্ৰত্যাহাৰ : ৰাজ্যসভাৰ অধিৱেশন বৰ্জন বিৰোধীৰ

0 1,261

অনলাইন বাৰ্তা : আঠজন বিৰোধী সাংসদৰ নিলম্বন তুলিব লাগিব ৷ তুলি নল’লে ৰাজ্যসভাৰ অধিৱেশন বৰ্জন কৰিব বিৰোধীয়ে ৷ এই কথা জনালে ৰাজ্যসভাৰ বিৰোধী দলপতি গুলাম নবী আজাদে ৷ ইয়াৰ উপৰি বিৰোধীয়ে আন দুটা দাবী কৰিছে ৷ এনেদৰে চৰকাৰৰ ওপৰত চাপৰ সৃষ্টি কৰিছে বিৰোধীয়ে ৷ ইপিনে, মঙলবাৰে ৰাজ্যসভাৰ অধিৱেশনৰ আৰম্ভণিতে বিৰোধী সাংসদৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীত কংগ্ৰেছে বৰ্জন কৰে ৷ তাৰ পাচতে তৃণমূলসহ আন বিৰোধীয়ে বৰ্জন কৰে৷ ইয়াৰ পাচতে বিৰোধী সাংসদে ধৰ্ণা তুলি লয় ৷ যিহেতু বিৰোধীয়ে অধিৱেশনত যোগ দিয়া নাই ৷ সেয়ে ধৰ্ণাৰ কোনো অৰ্থ নাই ৷ আঠজন বিৰোধী সাংসদৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীৰ লগতে আন দুটা দাবী কৰিছে গুলাম নবী আজাদে ৷ তাৰে এটা হ’ল চৰকাৰে ফচলা যি ন্যূনতম সহায়ক মূল্য বান্ধি দিছে তাৰ তাৰ কমত যেন বেচৰকাৰী কোম্পানীয়ে ফচল কিনে, ন্যূনতম সহায়ক মূল্য স্বামীনাথান কমিটীৰ মতে হ’ব লাগিব ৷ তদুপৰি খাদ্য নিগম আৰু চৰকাৰে নিশ্চিত কৰিব লাগিব যি কোনো ফচলৰ ন্যূনতম সহায়ক মূল্য যেন কৃষকে পায় ৷

Leave A Reply