Breaking

ধুবুৰীত কোৱাৰেণ্টাইন চেণ্টাৰত সোমাল বৰষুণৰ

0 59

ধুবুৰী

আজি চাৰিদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰৰ আৰু ইয়াৰ উপনৈ, বিলৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ভাবুকিৰ সৃষ্টি হৈছে। ইতিমধ্যে গদাধৰ, গংগাধৰ, গৌৰাংগ নৈৰ বাঢ়নী পানীয়ে গোলকগঞ্জ, চাপৰ, বিলাসীপাৰাৰ ব্যাপক অঞ্চল প্লাবিত কৰাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ আনহাতে আজি ধাৰাষাৰ বৰষুণৰ পানী ধুবুৰী চহৰৰ বিভিন্ন অঞ্চল প্লাবিত কৰে। চহৰৰ বিভিন্ন অঞ্চলে পানী প্রৱেশ কৰাত যাতায়াত ব্যাবস্থা বন্ধ হৈ পৰে। ইপিনে আজি ধুবুৰী চহৰত থকা চৰকাৰী বয়েজ হায়াৰ ছেকেনডাৰী স্কুলৰ কোৱাৰেণ্টাইন চেণ্টাৰত বৰষুণৰ পানী প্রৱেশ কৰাত লোকসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

Leave A Reply