Breaking

নাজিৰাৰ ঐতিহাসিক ৰাজগড়-বাঁহগড় সংযোগী পথ অৱৰোধ কৰিলে মহিলাই ।

0 1,069

নাজিৰা : নাজিৰা মহকুমাৰ অন্তৰ্গত ঐতিহাসিক ৰাজগড়-বাহগড় পথটো অতিকে জৰাজীৰ্ণ তথা প্ৰকাণ্ড দ দ গাঁতে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগাইছে ৰাইজক । পথচাৰী সঘনাই দুৰ্ঘটনাস্থ হৈ চিকিৎসাধীন হোৱাই নহয়, বহুলোক চিৰ জীৱনৰ বাবে পংগু আৰু বহুলোকে অকালতে জীৱন হেৰুৱাব লগা হৈছে। পৰিবহণ বিভাগৰ যাৱতীয় নথিপত্ৰবিহীন অত্যধিক বুজাই ট্ৰাক-ডাম্পাৰে শোচনীয় কৰি তুলিছে ৰাজগড়-বাঁহগড পথ। এই বাহগড়ৰ জৰাজীৰ্ণ পথেৰে অসম নগালেণ্ড সীমান্তৱৰ্তী বিহুবৰ পৰা অত্যাধিক বোজাই কৰা শিল ভৰ্তি ট্ৰাক ডাম্পাৰে শোচনীয় কৰি তুলিছে পথটো। কিন্তু জিলা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াত ট্ৰাক ডাম্পাৰে গুৰু গোঁসাই নামানি দৈনিক জৰাৰ্জীণ পথেৰে দিনে-নিশাই সৰবৰাহ কৰি আহিছে শিল। পথটো বিজ্ঞান সন্মতভাৱে পুনৰ নিৰ্মাণৰ বাবে ৰজাঘৰ, প্ৰশাসন কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰি অহাৰ পিছতো ৰাইজৰ এই আবেদনসমূহ কেৱল ফাইলৰ মাজত অথবা ডাচবিনৰ আলহী কৰাহে পৰিলক্ষিত হৈছে। অৱশেষত উপায়ন্তৰ হৈ ১৩ খন গাঁৱৰ  শ শ মহিলা ৰাজপথলৈ ওলাই আহি আজি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে। শীঘ্ৰে জৰাৰ্জীণ ৰাজগড়-বাঁহগড় পথ মেৰামতি নকৰিলে অনিৰ্দিষ্টকালীন পথ অৱৰোধ কৰিব বুলি মহিলা সকলে প্ৰশাসনক সকিয়াই দিয়ে।

Leave A Reply